আৰক্ষীৰ সৈতে ‘সংঘৰ্ষত’ নিহত সন্দেহজনক ULB সদস্যৰ পৰিয়ালক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান

নিউজ ডেস্ক। কোকৰাঝাৰ জিলাৰ উল্টাপানীত অসম আৰক্ষীৰ সৈতে হােৱা ‘সংঘৰ্ষ’ত দুজনকৈ সন্দেহজনক ইউএলবি সদস্য নিহত হােৱা ঘটনাক লৈ উত্তাল হৈ পৰিছে বড়াে ভূমি।

এই প্ৰতিবাদৰ মাজতে অসম চৰকাৰে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে।

ইপিনে, বুধবাৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে এই তথাকথিত সংঘৰ্ষত নিহত হোৱা দুয়োগৰাকীৰ পৰিয়ালৰ সদস্যক বন বিভাগত চাকৰিৰ নিযুক্তি-পত্ৰ প্ৰদান কৰে।

বিটিচি সচিবালয়ত এই উপলক্ষে এক অনুষ্ঠানৰ মাজতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই এই সংঘৰ্ষক ভুৱা আখ্যা দি আৰক্ষীৰ গুলীত নিহত জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ নিকটতম পৰিয়ালক দুটাকৈ চাকৰিৰ নিযুক্ত-পত্ৰ প্ৰদান কৰে।

ইয়াৰ লগতে দুয়োজনৰ আদ্যশ্ৰাদ্ধৰ বাবে অৰ্থ সাহায্যও প্ৰদান কৰে।

241415134-383996933205200-126293994183926702-n

ইয়াৰে প্ৰমোদ বড়োৰ হাতৰ পৰা নিযুক্তি-পত্ৰ গ্ৰহণ কৰে নিহত জৌংছাৰ মুছাহাৰীৰ ভাতৃ সঞ্জীৱ মুছাহাৰীয়ে।

241485812-383996963205197-8883938175949903548-n

অৱশ্যে আনজন সংঘৰ্ষত নিহত জনক ব্ৰহ্মৰ পৰিয়ালে নিযুক্তি-পত্ৰখন আদ্যশ্ৰাদ্ধৰ পাছতে গ্ৰহণ কৰিব বুলি সদৰী কৰে প্ৰমোদ বড়োই।

ইপিনে নিযুক্তি-পত্ৰ বিতৰণ কৰি সাংবাদিকৰ প্ৰশ্নত্তোৰত প্ৰমোদ বড়োই উল্টাপানীৰ ঘটনাৰ তদন্তত দোষীসকলে শাস্তি পাব বুলি কয়।

ইউ এল বি গঠন সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে ইউ এল বি জন্মই হওঁক বা এন এল এপ বিৰ জন্মৰ আঁৰতে হওঁক চিবিআইৰ দ্বাৰা তদন্ত হ’ভ লাগে।

উক্ত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, অৰুপ কুমাৰ দে’ আৰু ৰেওৰেৱা নাৰ্জিহাৰী উপস্থিত আছিল।

Leave a Comment