অসমঅসমীয়া

আৰক্ষীৰ জালত পৰিল ৬ জুৱাৰী, জব্দ নগদ ধন

নিউজ ডেস্ক। ৰাজ্যজুৰি জুৱাৰীৰ বিৰুদ্ধেও তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।

এইবাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই তাচ-পাতেৰে জুৱাখেলি থকা অৱস্থাত টাকিমাৰী গাঁৱৰ পৰা হাতে-লোটে ৬ জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে।

অভিযানকাৰী আৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা তাচপাতসহ ৫ হাজাৰ ২শ টকা জব্দ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৱাৰী ৬টা সুখচৰ থানাৰ অন্তৰ্গত টাকীমাৰী গাঁৱৰ হাফিজুৰ ৰহমান (৩০), জয়নাল হক (৩৬), ফাজিদুৰ ইছলাম (৩৮), নুৰ ইছলাম (২৩), মফিদুল ইছলাম (২৮) আৰু জিয়াদুৰ ৰহমান।

আটাইকেইটা জুৱাৰীক সুখচৰ থানাত আৱদ্ধ কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

ইয়াৰে হাফিজুৰ ৰহমান নামৰ জুৱাৰীটো ২০১৬ চনৰ ১২ এপ্ৰিলত ছোট কাজিৰ গাঁৱৰ জাকিৰ হুছেইনক হত্যাৰ অপৰাধত অভিযুক্ত।

হাফিজুৰ ৰহমান নামৰ হত্যাকাৰীটোৰ বিৰুদ্ধে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানাত এটি গোচৰ ৰুজু হৈ আছে।

দীৰ্ঘদিনৰ পৰাই হত্যাকাৰী হাফিজুৰ ৰহমানে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল।

সুখচৰ থানাৰ আৰক্ষীয়ে হাফিজুৰ ৰহমান নামৰ হত্যাকাৰী জুৱাৰীটোক ফুলবাৰী থানাত চমজাই দিয়াৰ বিপৰীতে বাকী ৫টা জুৱাৰীক হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰি ধুবুৰী জে’ল-হাজোতলৈ প্ৰেৰণ কৰিব বুলি জনা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button