নিউজ ডেস্ক। ৰাজ্যজুৰি সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী চক্ৰ। এনে চক্ৰৰ কবলত পৰি ইতিমধ্যে শ শ লােকে হেৰুৱাইছে নিজৰ কষ্টােপাৰ্জিত ধন।
ইপিনে, মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে এটা কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
লাহৰীঘাট আৰক্ষীয়ে দোৱামাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধী ৰাজিবুল ইছলাম।

চাইবাৰ অপৰাধীটোৰ পৰা আৰক্ষীয়ে ৫২খন ছিম কাৰ্ড, এছ বি আই আৰু ইউ বি আই বেংকৰ ১৬খন এটিএম কাৰ্ড আৰু দুটা ম’বাইল ফোন জব্দ কৰে।
উল্লেখ্য যে চাইবাৰ অপৰাধীটোৱে বিভিন্নজনৰ নামত তেওঁলোকৰ অজ্ঞাতে বিভিন্ন ম’বাইল এপৰ জৰিয়তে ঋণ লৈ লাখ লাখ টকা আত্মসাৎ কৰি আহিছে।
তদুপৰি ৰাজিবুলৰ বিৰুদ্ধে টেট পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে।
লগতে চাওকঃ ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী










