আৰক্ষীৰ জালত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই।
নৰহত্যা, ধৰ্ষণ, ডকাইতি, ভয় ভাবুকিৰে ধন দাবী, কৰ্তব্যৰত আৰক্ষীক প্ৰাণনাশী আক্ৰমণ আদি অগণন গোচৰৰ কুখ্যাত পলাতক আচামী, অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰী অপৰাধী গেৰজাই বৰুৱা(৩৪) অৱশেষত আৰক্ষীৰ জালত পৰিল।
শুক্ৰবাৰে নিশা ঢকুৱাখনা সদৰ থানা আৰক্ষী, সোনাৰী চাপৰি আৰক্ষীৰ যুটীয়া অভিযান কালত জালত পৰে লখিমপুৰ, ধেমাজি জিলাত সন্ত্ৰাস সৃষ্টিকাৰী গেৰজাই।
ঢকুৱাখনা সগোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগৰা অঞ্চলত প্ৰায় ৬ মাহ পূৰ্বে লখিমপুৰৰ তুল দত্তৰ হত্যাকাণ্ডৰ সতে জড়িত আছিল ঢকুৱাখনা জালভাৰী গেৰজাই।
ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁৱত অভিযান চলাই গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
নিশাৰ ভাগত চলা এই অভিযানত পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ ৰবৰ গুলীত গুৰুতৰভাৱে আহত হয়।
অহত অৱস্থাত নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় অপৰাধীটোক।
উল্লখ্য যে, অভিযান কালত হাতত দুখন চোকা খুকুৰী লৈ এঘৰ মানুহৰ কোঠাৰ ভিতৰত সোমাই তাণ্ডৱ সৃষ্টি কৰা উন্মত্ত গেৰজাইক এই অভিযানৰ নেতৃত্ব দিয়া অচি নিৰঞ্জন বৰুৱাই আটক কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষী বিষয়া গৰাকীকো ঘপিয়াই আহত কৰে।
প্ৰায় দুঘণ্টা ধৰি চোকা অস্ত্ৰ পেলাই আত্মসমৰ্পণৰ বাবে জনোৱা আহ্বানলৈ গুৰুত্ব নিদি আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই।
পাছত উপায়ন্তৰ হৈ আৰক্ষীয়ে দুই ৰাউণ্ড গুলি চলাই ভৰি আৰু গুপ্তাঙ্গত আহত কৰে অপৰাধীটোক।









