আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, জব্দ নগদ ধনসহ ড্ৰাগছ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী।

বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে৷

ধৃত ড্ৰাগছ ব্যৱসায়ীজন হাপাছৰাৰ ইনামূল হক (৩০)৷

ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ জিম্মাৰ পৰা ৩৪ গ্ৰাম ড্ৰাগছৰ লগতে ২২শ টকা আৰু বাইক এখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

গোপন সূত্ৰৰ পম খেদি নিউ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষ আৰু নগৰ শাখা  উপ-পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে লোকজনক হাতে-লোটে কৰায়ত্ত কৰে৷

Leave a Comment