আৰক্ষীৰ জালত অসমত কাপোৰৰ ব্যৱসায় কৰি থকা সন্দেহজনক আফগানিস্তানৰ নাগৰিক…

অসম আৰক্ষীৰ জালত অসমত কাপোৰৰ ব্যৱসায় কৰি থকা সন্দেহজনক আফগানিস্তানৰ নাগৰিক।

বিশ্বনাথ চাৰিআলিত গ্ৰেপ্তাৰ হৈছে সন্দেহজনক আফগানিস্থানৰ নাগৰিকজন৷

গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম জেৰিন মহম্মদ লালাই (২১)।

যুৱকজনে আৰক্ষীক পাছপৰ্ট আৰু ভিছা দেখুৱাবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷

যুৱকজনে ভাৰত তথা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি জনাই আৰক্ষীক।

যুৱকজনে যোৱা ৪ ডিচেম্বৰ ২০১৮ চনতে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে৷

সম্প্ৰতি আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি থানাত এক গোছৰ ৰুজু কৰি যুৱকক জনক জেলহাজোতলৈ প্ৰেৰণ কৰে।

Leave a Comment