আৰক্ষীৰ অভিযানত জব্দ কোটি টকাৰ ড্ৰাগছ, আটক সৰবৰাহকাৰী মহিলা…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ অবিযান।

পুনৰ কাছাৰ জিলাত আৰক্ষীৰ অভিযানত জব্দ হৈছে কোটি টকাৰ ড্ৰাগছ।

২১ অক্টোবৰ তাৰিখে ৩ কোটি ১ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল কাছাৰ আৰক্ষী।

সেই ঘটনাৰ পিছত শুক্ৰবাৰে নিশা পুনৰ জিলা খনত ১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

কাছাৰ জিলাৰ সেই একে স্থান জিৰিঘাটতে এইবাৰো জব্দ হয় এক কোটি টকাৰ ড্ৰাগছৰ লগতে নিচা জাতীয় টেবলেট৷

আৰক্ষীৰ অভিযানত জব্দ হয় ২০ হাজাৰ ইয়াভা টেবলেট সহ ১২৭ গ্ৰাম হেৰ’ইন৷

লগতে আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মহিলা৷ ধৃত মহিলা গৰাকীৰ নাম নুচৰানা বেগম৷ ঘৰ কাছাৰ জিলাৰ চিংগিৰবন্দত৷

বৰ্তমানেও আৰক্ষীয়ে মহিলাগৰাকীৰ ওপৰত জেৰা অব্যাহত ৰাখিছে।

Leave a Comment