আহি আছে লাভলীনা, পুৱা ৯ঃ১৫ বজাত মাতৃভূমিত পদাৰ্পণ কৰিব বজ্ৰকন্যা লাভলীনা…

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই আহি আছে লাভলীনা।

অলিম্পিকৰ পদক লৈ আজি মাতৃভূমিত পদাৰ্পন কৰিব বজ্ৰকন্যা লাভলীনা।

পুৱা ৯ঃ১৫ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব লাভলীনা।

টকিঅ’ অলিম্পিকত পদক জয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত ভৰি দিব লাভলীনাই।

দিল্লীৰ পৰা পিতৃ টিকেন বৰগোহাঁইৰ সৈতে আহিব লাভলীনা।

বিমান বন্দৰত লাভলীনাক আদৰণি জনাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পাছতে অসম ৰাজ্যিক পৰিবহন বিভাগৰ এখন বিশেষ বাছেৰে লাভলীনাক লৈ যোৱা হ’ব তাজ ভিভাণ্টা হোটেললৈ।

বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাৰ বাবে অনুষ্ঠিত কৰা হৈছে সম্বৰ্ধনা অনুষ্ঠান।

ক’ভিড প্ৰ’টকল অনুসৰি অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনাব।

ইয়াৰ পাছত লাভলীনা যাব ৰাজভৱনলৈ।

ৰাজ্যপালে লাভলীনাক জনাব বিশেষ সম্বৰ্ধনা।

নিশাৰ ভাগত হোটেল ৰেডিচন ব্লুত অসম বক্সিং সন্থাই আয়োজন কৰা নৈশ ভোজত ভাগ ল’ব লাভলীনাই।

Leave a Comment