নিউজ ডেস্কঃ বিধায়ক আৱাসৰ বিশেষ আম গছ এজোপাক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা।
আমতীৰ দিনা শাসকীয় বিধায়ক অতুল বৰাৰ আৱাসৰ চৌহদৰ এই আমজোপাৰ পৰাই আম পাৰি খোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰি এজন ব্যক্তিক ২৪ ঘণ্টা লক-আপত আৱদ্ধ কৰি ৰাখিছিল।

বিধায়ক আৱাসৰ আম খাই বিপদত পৰা সুভাষ বৰ্মন
অৱশ্যে অই সমগ্ৰ ঘটনা বিধায়ক অতুল বৰাৰ অজ্ঞাতে সংঘটিত হোৱা বুলি কোৱা হ’লেও ঘটনাক লৈ প্ৰতিক্ৰিয়া শাম কটা নাই।
শেহতীয়াকৈ বিধায়ক অতুল বৰাৰ সমষ্টিৰে এগৰাকী নাগৰিক তথা যুৱ ব্যৱসায়ী, ছবি প্ৰযোজক লুইত কুমাৰ বৰ্মনে বিধায়কজনকৈ ‘আম’ প্ৰেৰণ কৰাক লৈ পুনৰ চৰ্চিত হৈছে বিষয়টো।

লুই কুমাৰ বৰ্মন
কুৰিয়াৰ যোগে বিধায়ক অতুল বৰালৈ আম প্ৰেৰণ কৰি সামাজিক মাধ্যমত এই কথা নিজেই প্ৰকাশ কৰিছে যুৱ ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে।
লগতে তেওঁ বিধায়কলৈ প্ৰেৰণ কৰিছে এখন পত্ৰও।
পত্ৰখনত বৰ্মনে লিখিছে এইদৰে-
প্রতি,
মাননীয় বিধায়ক অতুল বৰা ডাঙৰীয়া
৫২ নং দিশপুৰ সমষ্টি
বিষয়ঃ আম
মহাশয়,
মই দিশপুৰ সমষ্টিৰ এজন প্ৰাপ্তবয়স্ক ভোটাৰ। আপুনি আমাৰ সন্মানীয় বিধায়ক। আপুনি যে আম খাই ইমান ভাল পায় বাতৰিৰ যোগেৰে গম পালোঁ। এজন সাধাৰণ নাগৰিক হিচাবে লগত আপোনাৰ সমষ্টিৰ বাসিন্দা হিচাবে মোৰ সন্মানীয় বিধায়কজনৰ পছণ্ডক গুৰুত্ব দিয়াটো মোৰ দ্বায়িত্বৰ ভিতৰত পৰে বুলি ভাবোঁ। গতিকে মহাশয়ৰ ওচৰত মই মোৰ সাধ্য অনুষাৰে অলপ আম কিনি। বেলেগৰ পৰা চুৰ কৰা নাই বাৰু) আপোনালৈ কুৰিয়াৰ কৰি পঠালোঁ।
ব্যক্তিগতভাৱে মই আপোনাৰ ওচৰত গৈ আমখিনি দিম বুলি ভাবিছিলোঁ কিন্তু আপুনি সমষ্টিৰ কামত ইমান ব্যস্ত থাকে যাৰ বাবে আপোনাৰ বহুমুলীয়া সময় নষ্ট নকৰা শ্ৰেয় বুলি ভাবিলোঁ। গতিকে মহোদয় দায় দোষ নধৰে যেন আৰু আমখিনি গ্ৰহন কৰি মোক সুখী কৰে যেন।
ইতি
লুইত কুমাৰ বৰ্মন
বাসিন্দা
দিশপুৰ সমষ্টি

বিধায়কলৈ প্ৰেৰণ কৰা পত্ৰখন
লুইত কুমাৰ বৰ্মনে সামাজিক মাধ্যমত এই পত্ৰৰ লগতে শ্বেয়াৰ কৰিছে আম কুৰিয়াৰ কৰি প্ৰেৰণ কৰাৰ ৰছিদো। যি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিধায়কলৈ প্ৰেৰণ কৰা আমৰ টােপােলা
সামান্য এটা আম চুৰি কৰি খোৱাৰ অপৰাধত এজন ব্যক্তিক ২৪ ঘণ্টাকৈ সময় লক-আপত আৱদ্ধ কৰি ৰখাৰ দৰে আশ্বৰ্যকৰ ঘটনাৰ বিৰুদ্ধে লুইত কুমাৰ বৰ্মনে কৰা অভিনয় প্ৰতিবাদক লৈও এতিয়া চলিছে চৰ্চা।
1 thought on “আম কাণ্ড! দিছপুৰ সমষ্টিৰ বিধায়কলৈ কুৰিয়াৰযোগে কােনে প্ৰেৰণ কৰিলে আম?”
Comments are closed.