আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি, হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি।

সেই লৈ পুৱাৰে পৰাই ৰাজ্যৰ নামঘৰে নামঘৰে চলিছে গুৰুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন।

১৪৪৯ চনত অসমী আইৰ বুকুত আবিৰ্ভাৱ হৈছিল যুগদ্ৰষ্টা, সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজি তথা অসমীয়া সমাজলৈ আগবঢ়াই যোৱা মহৎ অৱদানেৰে আজিও অসমীয়া জাতি চহকী।

কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল এগৰাকী ধৰ্ম প্ৰচাৰকেই নাছিল, তেওঁ একেধাৰে আছিল সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ অধিকাৰী।

আজি গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নামঘৰসমুহত হৰিনামৰ ধ্বনি উঠিছে।

চলিছে অসমীয়া জাতিৰ বৰঘৰলৈ আগবঢ়াই যোৱা চিৰসেউজ সৃষ্টিৰাজিৰ গুণানুকীৰ্তন। লগতে শুনিবলৈ পোৱা গৈছে খোল-তাল, ডবা শংখৰ ধ্বনি।

জাতিক ন-ৰূপত সজাই তোলা মহাপুৰুষ জনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তীত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত।

Leave a Comment