আজি বিশ্ব বিশ্ৰুত শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ওপজা দিন, ৰাজ্যজুৰি স্মৰণ…

আজি বিশ্ব বিশ্ৰুত শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৯৫ সংখ্যক ওপজা দিন।

অসমীয়া সমাজ জীৱনলৈ গীত আৰু চলচ্চিত্ৰৰ জৰিয়তে এক মেটমৰা সম্ভাৰ দি যোৱা এইগৰাকী মহান শিল্পীক আজি সুঁৱৰিছে সমগ্ৰ দেশে৷

শিল্পীগৰকাৰীৰ গুণমুগ্ধ তথা অনুৰাগীসকলে তেওঁৰ এই জন্ম বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ সাজু হৈছে।

পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰে।

ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।

ভূপেন হাজৰিকাৰ অন্তৰস্পৰ্শী মৌ মিঠা অমৃতময়ী কণ্ঠই প্ৰতিজনকেই ঝংকাৰিত কৰি তোলে।

১৯৩০ চনৰ ৩০ অক্টোবৰৰ দিনা গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত পিতৃৰ লগত ভূপেন হাজৰিকা গান গাবলৈ আহিছিল। সেইখন সভাৰেই বিশিষ্ট অতিথি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

বেজবৰুৱাদেৱে ভূপেন হাজৰিকাৰ কণ্ঠত ‘‘কি স’তে হিয়াৰে…’’ শীৰ্ষক গীত শুনি অতি আহ্লাদিত হৈছিল আৰু বেজবৰুৱাদেৱে ভূপেন হাজৰিকাক প্ৰশংসাৰে উপচাই চুমা খাইছিল আৰু কলিকতাৰ সুগায়ক ‘মাষ্টাৰ মদন’ৰ লগত তুলনা কৰিছিল।

ভূপেন হাজৰিকাৰ সংগীতত প্ৰতিফলন হৈছিল নিভাজ অসমীয়াৰ ছবি৷ কেঁচা মাটিৰ গোন্ধৰে সজ্জীৱিত হোৱা ভূপেন্দ্ৰ গীত আজিও সকলোৰে বাবে এক আৱেগ৷

ভূপেন হাজৰিকাই কেৱল সংগীত জগততে নহয় অসমীয়া চলচ্চিত্ৰলৈ দি গৈছে অনবৈদ্য অৱদান৷ ‘এৰাবাটৰ সুৰ’, ‘চামেলি মেম চাহাব’, ‘লটি-ঘটি’, ‘শকুন্তলা’, ‘প্ৰতিধ্বনি’, ‘চিকমিক বিজুলী’ আদি বহুকেইখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল ড৹ ভূপেন হাজৰিকাই৷

উল্লেখ্য যে ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিচৰে পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে তেওঁৰ জন্ম দিনটোক সমন্বয় দিৱস হিচাপে পালন কৰি আহিছে।

এইবাৰো ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ পালন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন।

একেদৰে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সুধাকণ্ঠক।

দীঘলীপুখুৰী পাৰতো সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই।

Leave a Comment