আজি অন্ত পৰিব জন আশীৰ্বাদ যাত্ৰা…

আজি অন্ত পৰিব জন আশীৰ্বাদ যাত্ৰা।

আজি সৰ্বানন্দ সোণোৱালৰ অসমত জন আশীৰ্বাদ যাত্ৰাৰ তৃতিয়টো দিন।

২১ আগষ্ট তাৰিখে ৩ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি দলে দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰিছে এই জন আশীৰ্বাদ যাত্ৰা।

তাৰেই অংশ হিচাপে আজি অসমত উপস্থিত সৰ্বানন্দ সোণোৱাল।

দেওবাৰে নিশা যোৰহাটত কটায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

গুৱাহাটীৰ পৰা জাগীৰোড, বটদ্ৰৱা, নগাঁও হৈ যোৰহাটত উপস্থিত হয় মন্ত্ৰীগৰাকী।

দেওবাৰে নিশা যোৰহাটত দিনটো কটায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।

জাগীৰোডত দলীয় কৰ্মকৰ্তাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত সীতাজখলাত সম্বৰ্ধনা অনুষ্ঠান অংশগ্ৰহণ কৰে সোণোৱালে।

নিশা বোকাখাত আৱৰ্ত ভৱনত বোকাখাতৰ দলীয় কৰ্মী আৰু শুভাকাংক্ষীৰ লগতে মহকুমা প্ৰশাসনৰ সহযোগত গৰৈ মাছৰ পিটিকা আৰু জনজাতীয়মূলীয় খাদ্যৰে নৈশ আহাৰ গ্ৰহণ কৰে সোণোৱালে।

উল্লেখ্য যে ক’ভিড প্ৰটকল ভংগৰ অভিযোগ কৰি ইতিমধ্যেই অসম জাতীয় পৰিষদে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী জনৰ ওপৰত এজাহাৰ দাখিল কৰিছে।

সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জনে কয় যে, এই যাত্ৰাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহাঁৰি দিছে। ৰাইজে নিজেই ওলাই আহিছে প্ৰিয় নেতাক চাবলৈ।

Leave a Comment