অসম

আচৰিত! বোৰ্খা নিপিন্ধি জিন্স পেণ্ট পিন্ধা বাবেই ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে যুৱতীক…

অসমতো চলিছে তালিবানী নিয়ম।

তালিবানে মহিলাৰ বাবে বান্ধি দিয়া ৰক্ষণশীলতাকে যেন অনুসৰণ কৰিছে একাংশ অসমৰ লোকে।

মুছলমান যুৱতী আৰু মহিলা সকলৰ ওপৰত  কঠোৰ নীতি-নিয়ম জাপি দি অসমতো একাংশই আৰম্ভ কৰিছে তালিবানৰ দৰে শাসন।

বোৰ্খা পৰিধান নকৰাক কেন্দ্ৰ কৰি এগৰাকী মুছলমান যুৱতীক অপদস্থ কৰি গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়া এক ঘটনা সংঘটিত হৈছে এইখন অসমতে।

বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ সমীপৰ ১২ নং ৱাৰ্ডৰ নিবাসী এগৰাকী যুৱতীক বোৰ্খাৰ সলনি জিনচ পেন্ট পৰিধান কৰাৰ বাবে মানসিক ভাৱে হাৰাশাস্তি কৰাৰ লগতে অশ্লিল গালি গালাজ পৰাৰ অভিযোগ উত্থাপন হৈছে।

একেটা অঞ্চলৰে নুৰুল আমিন নামৰ ব্যক্তি গৰাকীয়ে বোৰ্খাৰ সলনি জিনচ পেন্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰে যুৱতী গৰাকীক।

২৫ অক্টোবৰৰ সন্ধিয়া সংঘটিত হয় এই ঘটনাটো। কেৱল এই ঘটনাই নহয় পূৰ্বেও অঞ্চলটোৰ আন কেইবাগৰাকীও যুৱতীক বোৰ্খা পৰিধান নকৰাৰ বাবে অপদস্থ কৰা অভিযোগ উঠিছে৷

জানিব পৰা মতে, বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমীপৰ আয়ুব খান নামৰ লোকজনৰ কন্যাই বিগত ২৫ তাৰিখে ঘৰৰ কাষতে ভাৰাতীয়া হিচাপে থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰ পৰা হেডফোন ক্ৰয় কৰিবলৈ গৈছিল।

কিন্তু যুৱতীগৰাকীয়ে হেডফোন ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে জিন্স পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতীগৰাকীক দুৰ্ব্যবহাৰ কৰাৰ লগতে ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে।

লগতে তেওঁ যুৱতী গৰাকীক কয়, ‘মোৰ ঘৰৰ সকলো মহিলাই বোৰ্খা পৰিধান কৰে, হিজাব পৰিধান কৰে। তুমি আমাৰ ঘৰত জিন্স পৰিধান কৰি আহিবলৈ সাহস ক’ত পালা৷’

যুৱতীগৰাকীক কৰা এনে দুৰ্ব্যৱহাৰ সন্দৰ্ভত পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কৰে। যাৰ বাবে ২৯ অক্টোবৰৰ দিনা নুৰুল আমিনৰ দুই পুত্ৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে যুৱতীগৰাকৰ পিতৃক ৰাস্তাত আগচি বেয়াকৈ মাৰ-ধৰ কৰাৰ অভিযোগ উঠিছে।

ইতিমধ্যে, সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে৷

ভাৰতীয় দণ্ড বিধিৰ 341/294/323/34 ধাৰাৰ অধীনত 415/21 নম্বৰৰ এটা গোচৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত পঞ্জীয়ন হৈছে৷

যাৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।

বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ লগত সংঘটিত এই ঘটনাই সমগ্ৰ বিশ্বনাথ চাৰিআলিতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button