আগন্তুক ৫ দিনলৈ অসমকে ধৰি উত্তৰ-পূবত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা…

মঙলবাৰৰ পৰা আগন্তুক পাঁচ দিনলৈ অসমকে ধৰি উত্তৰ-পূবত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।

উত্তৰ-পূবৰ উপৰিও পশ্চিমবংগ আৰু হিমালয়ৰ পাদদেশত অৱস্থিত ৰাজ্য সমূহতো বৃষ্টিপাতৰ সম্ভাৱনা।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে এই তথ্যা।

মৌচুমী বায়ুৰ প্ৰভাৱত ফলত বৃষ্টিপাত হোৱাৰ সম্ভাৱন প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

সাগৰীয় মৌচুমী বতাহ ১৭ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ ওপৰেৰে আহি ওড়িশা, পশ্চিমবংগ পাৰ হৈ ১৮ আগষ্টত উত্তৰ-পূবত প্ৰৱেশ কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা ব্যক্ত কৰিছে।

১৭ আগষ্টৰ পৰা পশ্চিমবংগকে ধৰি উত্তৰ-পূবত পাঁচদিনৰ বাবে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।

Leave a Comment