অসম

আগন্তুক ৪ বছৰত মাজুলীত নিৰ্মাণ হ’ব দলং, নৱেম্বৰৰ পৰা চলিব কামঃ মুখ্যমন্ত্ৰী

নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতে বৃহস্পতিবাৰে পুৱাই নিমাতীঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উপস্থিত হৈয়ে যোৰহাট-মাজুলীৰ মাজত চলাচল কৰা এটা ইঞ্জিনযুক্ত সকলো নাও-ফেৰী আজিৰে পৰা নিষিদ্ধ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

একক ইঞ্জিন চালিত ফেৰীৰ গৰাকীক দুই ইঞ্জিন চলাবলৈ দিব ১০ লাখকৈ টকা।

এতিয়াৰে পৰা নিমাতী ঘাটত দুখন ৰ’প এক্স সহ ৬ খন চৰকাৰী জাহাজ চলিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে নৱেম্বৰ মাহৰ পৰা আৰম্ভ হব নিমাতী-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাম। ৪ বছৰত সম্পূৰ্ণ হব দলং।

তদুপৰি মুখ্যমন্ত্ৰীয়ে পৰিমিতাৰ পৰিয়ালক সকলো ধৰণৰ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে। লগতে দুৰ্ঘটনাত নিহত তথা আহতক উপযুক্ত ক্ষতিপূৰণ দিয়া হ’ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে মাজুলীৰ এই নাও দুৰ্ঘটনাৰ তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

বৃহস্পতিবাৰে গধূলিভাগলৈ উদ্ধাৰ অভিযানে চূড়ান্ত ৰূপ পাব বূুলি মত প্ৰকাশ হিমন্ত বিশ্ব শৰ্মাৰ।

লগতে JMCH ত আহত সকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button