অৰুণাভ গগৈক মৃত্যুদণ্ড সন্দৰ্ভত আলফা (স্বা)ক স্থিতি স্পষ্ট কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ…

চৰাইদেউ জিলাৰ বৰহাট লাকিলী অঞ্চলৰ উচ্চ শিক্ষিত যুৱক অৰুণাভ গগৈ।
২০১৮ চনৰ ২৯ ডিচেম্বৰত সংযুক্ত মুক্তি বাহিনী আলফা স্বাধীনত যোগদান কৰিছিল।
আলফা স্বাধীনত যোগদান কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমতো বহুলভাৱে চৰ্চিত হৈ পৰিছিল।
কিন্তু ম্যানমাৰস্থিত শিবিৰৰ পৰা পালায়নৰ চেষ্টা চলোৱাৰ অপৰাধত ম্যানমাৰস্থিত ডাইমণ্ড কেম্পত অৰুণাভ গগৈক মৃত্যুদণ্ড দিয়া হৈছে বুলি সামাজিক মাধ্যমত সম্প্ৰতি বিশেষ চৰ্চা চলিছে।
আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ নিৰ্দেশত মেজৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত আলফা স্বাধীনৰ লেফটেনেণ্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক মৃত্যুদণ্ড দিয়া বুলি খবৰ পোহৰলৈ অহাৰ পাছতে চিন্তিত হৈ পৰিছে অৰুণাভৰ পৰিয়াল।
অৱশ্যে আলফা স্বাধীনৰ তৰফৰ পৰা এই সম্পৰ্কত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নায়।
সেয়ে অৰুণাভৰ পৰিয়ালৰ লোকে অৰুণাভৰ মৃত্যুদণ্ড সম্পৰ্কত আলফা স্বাধীনক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, আলফা স্বাধীনত যোগদান কৰাৰ পাছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই অৰুণাভ গগৈৰ।