অসম

অহা ১৯ নৱেম্বৰত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমৰ পৰা দৃশ্যমান হ’বনে?

এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব সমগ্ৰ পৃথিবীবাসী।

অহা ১৯ নৱেম্বৰত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।

এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব।

২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।

১৯ নৱেম্বৰত হ’বলগীয়া চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস নহয় আংশিক চন্দ্ৰগ্ৰহণ হে হ’ব কাৰণ চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব এই গ্ৰহণত।

১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী। পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ।

ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১-৩০ বজাত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব।

যোৱা মে’ মাহত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা গৈছিল।

সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।

অসম তথা অৰুণাচল প্ৰদেশৰ পৰা অতি কম সময়ৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button