অসম ৰাইফলচৰ কনভয়ত ভয়ংকৰ আক্ৰমণ উগ্ৰপন্থীৰ।
এই আক্ৰমণত পৰিয়ালসহ মুঠ ৭ জনৰ মৃত্যু হৈছে।
এগৰাকী সেনা জোৱানসহ পত্নী আৰু পুত্ৰৰ লগতে ৪গৰাকী QRT জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে।

মৃত সেনাজোৱান গৰাকী ৪৬ অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী।
অফিচাৰ বিপ্লৱ ত্ৰিপাঠীৰেই পত্নী আৰু পুত্ৰৰ কৰুণ মৃত্যু ঘটে এই অতৰ্কিতে কৰা আক্ৰমণৰ ফলত।

আনহাতে এই আক্ৰমণৰ ঘটনাত আন কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।
মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সিংঘট এলেকাত এই ঘটনা সংঘটিত।

ঘটনা সন্দৰ্ভত কোনো উগ্ৰপন্থী সংগঠনে এই পৰ্যন্ত স্বীকাৰ কৰা নাই দায়িত্ব।
এই ঘটনাৰ সৈতে মণিপুৰৰ নিষিদ্ধ সংগঠন পি এল এ জড়িত থকা বুলি সন্দেহ কৰা হৈছে।
Strongly condemn the cowardly attack on a convoy of 46 AR which has reportedly killed few personnel including the CO & his family at CCpur today. The State forces & Para military are already on their job to track down the militants. The perpetrators will be brought to justice.
— N.Biren Singh (@NBirenSingh) November 13, 2021
ইপিনে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।
তেওঁ সংবাদ মাধ্যমত আগত মন্তব্য কৰি কয় যে এয়া উগ্ৰপন্থীৰ কাপুৰুষালিৰ পৰিচয় দিছে।

ঘটনাৰ সৈতে জড়িত সকলক চিনাক্ত কৰি বিহিত শাস্তি বিহা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
লগতে চাওকঃ

ঈশ্বৰৰ চৰণ স্পৰ্শ কৰি মন্দিৰৰ দান পাত্ৰ উঠাই লৈ গ’ল চোৰে! দৃশ্য ভাইৰেল সামাজিক মাধ্যমত










