অসম

অসম সন্তান IPS শংকৰব্ৰত ৰায় মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা…

অসম আৰক্ষীৰ বাবে ভাল খবৰ।

অসম আৰক্ষীৰ IPS বিষয়া শংকৰ ব্ৰত ৰায় মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা।

এই বঁটা লাভ কৰা শংকৰব্ৰত ৰায়মেধি একমাত্ৰ অসমীয়া বিষয়া।

ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰনালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক আছিল।

উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ ৭ অক্টোবৰত বিশ্বত্ৰাস মৌলবাদী সংগঠনৰ বিৰুদ্ধে এনআইএৰ হৈ চলোৱা বিশেষ অভিযানৰ বাবে ৰায়মেধিলৈ আগবঢ়োৱা হৈছে এই সন্মান।

বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত হৈ আছে ৰায়মেধি।

শংকৰব্ৰত ৰায়মেধিয়ে পূৰ্বে নগাঁও আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত নগাঁৱত সংঘটিত বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ ক্ষিপ্ৰ আৰু নিখুঁত তদন্তৰ বাবে লাভ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ পাৰদৰ্শিতা বঁটা।

image 8

সন্ত্ৰাসবাদী সংগঠনৰ বাবে অভিযান চলোৱা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ ১৬গৰাকীকৈ বিষয়াক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই পদক প্ৰদান কৰিব।

Related Articles

Leave a Reply

Back to top button