অসম কন্যা ডাঃ অনন্যা গোস্বামীলৈ এইমছৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ খিতাপ…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা।

সৰ্বভাৰতীয় প্ৰতিষ্ঠানত শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা ডাঃ অনন্যা গোস্বামীয়ে।

নলবাৰীৰ বিশিষ্ট চিকিৎসক দম্পতী বিশিষ্ট লেখক ডাঃ শুভ্ৰকিংকৰ গোস্বামী আৰু ডাঃ বিজুলী গোস্বামীৰ কন্যা ডাঃ অনন্যা গোস্বামীয়ে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ পৰা লাভ কৰিছে শ্ৰেষ্ঠ স্নাতকোত্তৰ ডিগ্ৰী।

এইমছৰ পৰা ‘নেত্ৰ চিকিৎসা বিজ্ঞান’ শাখাত অনন্যাই লাভ কৰিছে এই সফলতা।

বিগত ২৫ ছেপ্টেম্বৰত এইমছৰ ৬৬ তম প্ৰতিষ্ঠা দিৱসত অনন্যাক এই সফলতাৰ বাবে প্ৰদান কৰা হৈছে ডা বোধৰাজ ছভাৰৱাল পদক।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই অনন্যাৰ কৃতিত্বৰ স্বীকৃতি হিচাপে ডা বোধৰাজ ছভাৰৱাল পদক প্ৰদান কৰে।

Leave a Comment