অসমৰ ৰাজপথত নামিব বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমান…

নিউজ ডেস্ক। ৰাজ্যৰ বহু ৰাষ্ট্ৰীয় ঘাইপথৰ কাম এতিয়াও সম্পূৰ্ণ হৈ থকাৰ বাবে ৰাইজ জীয়াতু ভুগিবলগীয়া হৈছে।

আনহাতে, পথ নিৰ্মাণৰ অতি নিম্নমানদণ্ডৰ বাবেও কম সময়তে বিধ্বস্ত হৈ পৰে অধিকাংশ ৰাষ্ট্ৰীয় ঘাইপথ।

তেনে সময়তে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব ঘােষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে।

E-1-IBZ-Vk-AI2mgk

উল্লেখ্য যে ৰাজস্থানৰ বাড়মেৰ জিলাত বায়ুসেনাৰ বাবে জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিব পৰাকৈ বিশেষ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে।

এয়া ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত এক নতুন সংযোজন। পাকিস্তান সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা বাড়মেৰত বিমান অৱতৰণৰ ক্ষমতা থকা পথ উদ্বোধন কৰা হয়।

E-1-IBa-DVIAQVLJY

৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাজপথত জৰুৰীকালীনভাৱে কৰিব পাৰিব বিমান অৱতৰণ। উদ্বোধনী অনুষ্ঠানত যুঁজাৰু বিমান চুখই-৩০ আৰু জাগুয়াৰ অৱতৰণ কৰা হয়।

বৃহস্পতিবাৰে খােদ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক লগত হৈ বায়ুসেনাৰ বিমানত উঠি এই ঘাইপথত অৱতৰণ কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পাছতে টুইট কৰি গাডকাৰীয়ে এনে বিশেষ ঘাইপথ অসমৰাে একাধিক ঠাইত বিকাশৰ কাম চলি থকা বুলি প্ৰকাশ কৰে।

টুইটত উল্লেখ কৰা মতে, অসমৰ শিৱসাগৰ, যােৰহাট, তেজপুৰ আৰু গুৱাহাটীৰ সমীপৱৰ্তী ঠাইত ৰাষ্ট্ৰীয় ঘাইপথত সেনাৰ যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম অব্যাহত আছে।

Leave a Comment