অসমৰ ১২খন জিলাৰ বাবে বিজেপিৰ নতুন সভাপতি ঘোষণা…

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে ৰাজ্যৰ ১২খন জিলাত নিযুক্তি দিছে নতুন সভাপতি।

দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মুঠ ১২ খন জিলাত সভাপতি নিযুক্তি দিছে।

সেই অমুসৰি-

বৰপেটা জিলাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে অনিল চন্দ্ৰ দাসে৷ ইয়াৰ পূৰ্বে জিলাখনৰ সভাপতি আছিল প্ৰয়াত শংকৰ দাস।

বাক্সা জিলাৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে শৰৎ শৰ্মাই।

বিশ্বনাথ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে পঙ্কজ বৰাই।

কাছাৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে বিমলেন্দু ৰায়ে।

চিৰাং জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে ৰিণ্টু কুমাৰ দাসে।

কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে ৰাজকুমাৰ ব্ৰহ্মই।

শিৱসাগৰ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে ময়ুৰ বৰগোঁহাইয়ে।ময়ুৰ বৰগোঁহাইয়ে বিধানসভা নিৰ্বাচনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা।

শোণিতপুৰ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে বাতাছ ওৰাঙে।

দক্ষিণ শালমৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে অধীৰ চন্দ্ৰ দাসে।

তামুলপুৰ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে ভিক্টৰ দাসে।

তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে কুশকান্ত বড়াই।

আৰু ওদালগুৰি জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে সুনীল বসুমতাৰীয়ে।

এই নৱ-নিযুক্ত সভাপতিসকলে সাংগঠনিক কাম-কাজ অনুশাসন বৰ্তাই ৰাখি নিষ্ঠা আৰু সততাৰে দলটোৰ কাম-কাজ আগবঢ়াই নি দলটোক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

দলটোৱে শীঘ্ৰেই বাকী থকা জিলা কেইখনৰো সভাপতি নিযুক্তি দিব।

২২ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত অনুষ্ঠিত হ’বলগীয়া কাৰ্যনিৰ্বাহকত অংশ ল’ব পৰাকৈ দলটোৱে সম্পূৰ্ণ কৰিব দলীয় নিযুক্তিৰ প্ৰক্ৰিয়া

Leave a Comment