অসম
অসমৰ বাবে সুখবৰ! বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম…

অসমৰ বাবে এটা সুখবৰ।
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম।
UNESCO-ৰ স্বীকৃতিৰ বাবে যাৱতীয় অৰ্হতা আছে চৰাইদেউ মৈদামৰ।
মৈদামক ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে ইউনেস্ক’ক প্ৰয়োজনীয় কাৰিকৰী যোগ্যতা লাভ কৰিছে চৰাইদেউ মৈদামে।

ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ইউনেস্ক’ই(UNESCO)।
সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।
অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পৰ্বত চৰাইদেউ মৈদামে স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক' সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব। pic.twitter.com/mngGUYq546
— Himanta Biswa Sarma (@himantabiswa) March 3, 2023