অসম
অসমে কেন্দ্ৰৰ পৰা লাভ কৰিলে অতিৰিক্ত ৭ লাখ ভেকচিনঃ কেশৱ মহন্ত…

অসমে কেন্দ্ৰৰ পৰা পালে অতিৰিক্ত ৭ লাখ ভেকচিন।
লগতে কোভিড পৰিস্থিতি মোকাবিলাৰ বাবে অসমক কেন্দ্ৰই আৱণ্টন দিলে ৭০০ কোটিৰ পেকেজ।
নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মানৱীয়ক সাক্ষাতৰ পিছতেই এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমত ৯ লাখ ক’ভিড-১৯ ভেকচিন মজুত আছে বুলি জনায়।
আনহাতে, নতুন এছঅ’পিত আন্তঃজিলা যাতায়ত মুকলি সন্দৰ্ভতো সিদ্ধান্ত লোৱা হ’ব বুলি সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰীজনে।
অসমত চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলিও কেন্দ্ৰীয় স্বাস্থাযমন্ত্ৰীৰ আঘত উল্লেখ কৰে মহন্তই।
আনহাতে ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশনত পাঁচখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে যি সিদ্ধান্ত লৈছে তাৰ বাবে কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য বিচৰা বুলিও উল্লেখ কৰে মহন্তই।