অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি দিয়া বঙালী সংগঠন বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে হাতিগাঁও থানাত এজাহাৰ দাখিল।
এজাহাৰ দাখিল কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই।
তদুপৰি এই বিষয়ত মুখ্যমন্ত্ৰী ৰ হস্তক্ষেপৰ দাবী জনাই সংগঠনটোৱে।
লগতে কয়, যদি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁলোকক কিয় নোৱাৰে?
২৪ ঘণ্টাৰ ভিতৰত এই কাণ্ডৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।
প্ৰদীপ দত্ত ৰয় আৰু হৃষীকেশ দত্তৰ নেতৃত্বত এই দুষ্কাৰ্য হৈছে বুলি দাবী কৰিছে সংগঠনটোৱে।
প্ৰদীপ দত্তক গ্ৰেপ্তাৰ কৰি বিজেপি যে সাম্প্ৰদায়িক যে নহয় সেয়া প্ৰমাণ কৰিবলৈ আহ্বান বিদ্যুৎ কলিতাৰ।
উল্লেখ্য যে, শিলচৰত দুটা বঙালী সংগঠনে অসমীয়া ভাষাৰ পোষ্টাৰত কলা ৰং সানি দিয়াৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।









