অসমীয়া ভাষাক অপমানঃ নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক…

অসমতেই অসমীয়াৰ বিৰুদ্ধে চলিছে ভয়ংকৰ চক্ৰান্ত! জাতিটোক কেঁকোৰা চেপা দি চেপিবলৈ ধৰিছে এক অসমীয়া বিদ্বেষী চক্ৰই।

বৰাকত অসমীয়া ভাষাৰ বেনাৰৰ ওপৰত ক’লা ৰং সানি অসমীয়া জাতিসত্বাৰ ওপৰত কুঠাৰাঘাত কৰা কাৰ্যই ৰাজ্য জুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

একাংশ বঙালী সংগঠন তথা দুস্কৃতিকাৰীয়ে অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সনাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে যোৱা নিশা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হ’ল ক্ৰমে সমৰ দাস আৰু ৰাজু দেৱ।

ইপিন মঙলবাৰে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৰ নেতা প্ৰদীপ দত্ত ৰয়ক দীৰ্ঘ সময় জেৰা চলাই আৰক্ষীয়ে।

কিন্তু আৰক্ষীৰ জেৰাত প্ৰদীপ দত্ত ৰয়ে তথা তেওঁৰ নেতৃত্বত চলা সংগঠন এই ঘটনাৰ সৈতে জড়িত নহয় বুলি মন্তব্য কৰে।

ইপিনে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৰ নেতা প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে।

Leave a Comment