অসমীয়া ভাষাক অৱমাননা কৰা বৰাকৰ দুই সংগঠনৰ নেতাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। বৰাকত অসমীয়া ভাষা বিদ্বেষী মনোভাৱ লৈ প্ৰতিবাদ কৰিছিল বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনে।

শিলচৰ ৰেল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী পষ্টাৰত কলা ৰং সানি প্ৰতিবাদ কৰিছিল সংগঠন দুটাৰ নেতা কৰ্মীয়ে।

তেওঁলোকে দাবী কৰিছিল যে বৰাকত যিহেতু বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃত। গতিকে বৰাকত অসমীয়া ভাষাৰ পষ্টাৰ লগোৱাটোৱে ১৯৬১ ৰ ভাষা আইনৰ লগতে বঙালী ভাষাক অৱমাননা কৰিছে।

photo-2021-10-18-18-36-21

ইয়াৰোপৰি যদি চৰকাৰে অসমীয়া ভাষাৰ পষ্টাৰ বৰাকত লগাই, তেন্তে ১৯৬১ ৰ দৰে পৰিৱেশ হোৱাৰো হুংকাৰ প্ৰদান কৰিছিল।

ইয়াৰ পিছতেই দুই সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰি শাস্তি দিবলৈ দাবী জনায় ৰাজ্যজুৰি প্ৰতিবাদ কৰিছিল ৰাজ্যৰ বিভিন্ন জাতীয়তাবাদী দল সংগঠনে।

সেই অনুসৰি বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্টৰ প্ৰতিষ্ঠাতা প্ৰদীপ দত্ত ৰয়লৈ চমন জাৰি কৰে কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে।

ইয়াৰ পিছতেই তেওঁ উপস্থিত হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। তেওঁক দুঘণ্টা ধৰি সোধা-পোছা কৰাৰ পিছত এৰি দিয়ে আৰক্ষীয়ে। আৰু তাৰ পিছতেই তেওঁ এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে, অসমীয়া ভাষাৰ পষ্টাৰত তেনে কৰাটো তেওঁলোকৰ সংগঠনৰ কোনো পৰিকল্পনা নাছিল। তেওঁৰ বিনা অনুমতিতহে সংগঠনটোৰ নেতাই তেনে কৰা বুলি উল্লেখ কৰে।

246530177-1181298775693497-4920129235333461709-n

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে জনোৱা অনুসৰি, অসমীয়া ভাষাৰ পষ্টাৰত কলা ৰং সনাৰ সৈতে জড়িত দুজন নেতাক মংগলবাৰে আবেলি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুই নেতা ক্ৰমে ৰাজু দেৱ আৰু সমৰ দাস।

উল্লেখ্য যে শিলচৰ ৰেল ষ্টেচনত থকা চৰকাৰৰ জল জীৱন অভিযানৰ পষ্টাৰত কলা ৰং সানি প্ৰতিবাদ কৰিছিল দুই সংগঠনৰ নেতাই। যিটো ৰেল ষ্টেচনত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃত দিবলৈ আন্দোলন কৰি ১১ জন লোক শ্বহীদ হৈছিল।

সেয়েহে ৰেল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী পষ্টাৰ লগাই ভাষা আইন উলংঘা কৰা বুলি জল জীৱন অভিযানৰ অধ্যক্ষৰ বিৰুদ্ধে গোচৰ তৰিছিল প্ৰদীপ দত্ত ৰয়ৰ সংগঠনে।

Leave a Comment