অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ আমেৰিকালৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোডী…

অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ আমেৰিকালৈ উৰা মাৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বুধবাৰে নিশা বিশেষ বিমানেৰে আমেৰিকাত অনুস্থিত হ’ব লগা ৰাষ্ট্ৰসংঘৰ ৭৬তম অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোডী।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত প্ৰচাৰ কৰা এখন ফটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত।

য’ত তেওঁ লিখিছে- এটা দীঘলীয়া বিমান যাত্ৰাই তেওঁক চৰকাৰী ফাইলৰ কাম কৰাৰ সুযোগো দিছে।

উক্ত ফটোখনত প্ৰধানমন্ত্ৰী মোডীৰ ডিঙিত দেখিবলৈ পোৱা গৈছে অসমীয়াৰ স্বাভিমান গামোচাখন।

আমেৰিকালৈ বিমান যাত্ৰা কৰাৰ সময়তো অসমীয়া স্বাভিমান স্বৰূপ গামোচা ডিঙিত লৈ থকাৰ ছবিয়ে আনন্দিত কৰিছে অসমীয়া জাতিক।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গামোচা প্ৰীতিৰ বিষয়ে সামাজিক মাধ্যমত বহুবাৰ চৰ্চা হৈছে।

শাসকীয় বিজেপি দলে এয়া মোদীৰ অসম প্ৰীতি বুলি কোৱাৰ বিপৰীতে বিৰোধীয়ে ইয়াক অসমীয়াক আৱেগিক কৰি নিৰ্বাচনত ভোট আদায়ৰ কৌশল বুলিও অভিহিত কৰি আহিছে।

Leave a Comment