‘বেটী হুয়ী হ্যায়’ – কণমানি কন্যাৰ আগমণত ব্যতিক্ৰমী উদযাপন এটা পৰিয়ালৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্কঃ আজিৰ এই যান্ত্ৰিক পৃথিৱীত এজনী কন্যা সন্তানৰ জন্মক দেৰাডুনৰ এটা পৰিয়ালে যিদৰে আদৰণি জনালে, তাৰে এক উমাল দৃশ্যই এতিয়া জয় কৰিছে সামাজিক মাধ্যমৰ সহস্ৰজনৰ হৃদয়। নীৰজ পাচোৱান নামৰ এজন ব্যক্তিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা চুটি ভিডিঅ’ত পৰিয়ালটোৰ এই অনাবিল আনন্দ আৰু গৌৰৱ প্ৰতিফলিত হোৱা দেখা গৈছে। গোলাপী ৰঙৰ বেলুনৰে সুন্দৰকৈ সজাই তোলা দুখনকৈ গাড়ী চহৰৰ ৰাস্তাৰে চলাই নি পৰিয়ালটোৱে গৌৰৱেৰে ঘোষণা কৰে- ‘বেটী হুয়ী হ্যায়’ অৰ্থাৎ আমাৰ ঘৰলৈ কন্যা সন্তান আহিছে।

image 14
'বেটী হুয়ী হ্যায়’ - কণমানি কন্যাৰ আগমণত ব্যতিক্ৰমী উদযাপন এটা পৰিয়ালৰ, ভিডিঅ’ ভাইৰেল 2

উদযাপনৰ এই শৈলী অতি সৰল যেন লাগিলেও ই বহন কৰিছে এক গভীৰ আৰু অৰ্থপূৰ্ণ বাৰ্তা। সমাজৰ যিটো সময়ত কন্যা সন্তানৰ জন্মক লৈ আজিও সকলোতে সমানে উল্লাস কৰা দেখা নাযায়, তেনে সময়ত দেৰাডুনৰ এই পৰিয়ালটোৰ ৰাজহুৱা প্ৰকাশে এক ধনাত্মক চিন্তাৰ প্ৰসাৰ ঘটাইছে। ইনষ্টাগ্ৰামত ভাইৰেল হোৱা এই ভিডিঅ’টোত পৰিয়ালৰ সদস্য তানিয়া সিনহায়ো উদযাপনৰ কেইটামান বিশেষ মুহূৰ্ত সংযোগ কৰি নিজৰ উৎসাহ প্ৰকাশ কৰিছে।

View this post on Instagram

A post shared by Neeraj Paswan (@rjneeraj)

ভিডিঅ’টো কেৱল ইনষ্টাগ্ৰামতে আৱদ্ধ নাথাকি এক্সৰ (পূৰ্বৰ টুইটাৰ) জৰিয়তেও এতিয়া বিয়পি পৰিছে। নেটিজেনসকলে পৰিয়ালটোৰ এই পদক্ষেপক ‘আকৰ্ষণীয়’ আৰু ‘সতেজ’ বুলি অভিহিত কৰি তেওঁলোকৰ মুক্ত আনন্দক ভূয়সী প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলৰ মতে, কন্যা শিশুক আদৰণি জনোৱাৰ এনে উদাহৰণে সমাজত এক শক্তিশালী আৰু প্ৰেৰণাদায়ক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

Leave a Comment