অসমলৈ আহি আছে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী! নিৰাপত্তাৰ খাতিৰত এই কেইদিন কামৰূপৰ আকাশত ড্ৰ’ন উৰণত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ…

নিউজ ডেস্কঃ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য প্ৰশাসন।

দুয়োগৰাকী সৰ্বোচ্ছ পদাধিকাৰীৰ নিৰাপত্তাৰ দিশত যাতে কোনো ক্ৰুটি ৰৈ নাযায়, তাৰ প্ৰতি ৰখা হৈছে বিশেষ দৃষ্টি।

ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিততে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত ড্ৰ’ন উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।

বুধবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰি মহানগৰ জিলাত ড্ৰ’ন উৰণ নিষিদ্ধ এলাকা ঘোষণা কৰে।

দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ ড্ৰ’ন উৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতিৰ আগমণৰ পূৰ্বে ইতিমধ্যে ন-ৰূপেৰে সজাই পৰাই তোলা হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাক৷

ৰাষ্ট্ৰপতিৰ পিছতে অসম চৰকাৰৰ দ্বাৰা আয়োজিত ব’হাগ বিহুৰ বিশাল আয়োজনত অংশ ল’বলৈ ১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও।