অভিশপ্ত ৩০ অক্টোবৰঃ ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৩ বছৰ…

আজি ৩০ অক্টোবৰ!

২০০৮ চনৰ আজিৰ দিনটোতেই হোৱা ধাৰাবাহিক বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য।

একেদিনাই ৫টাকৈ স্থানত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা।

মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।

সেই ভয়াৱহ বিস্ফোৰণৰ ঘটনাই আজি ১৩টা বছৰ সম্পূৰ্ণ কৰিলে।

শিশুকে ধৰি ৪০ জনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰ সেমেকাই তোলে।

আনহাতে এই ভয়ংকৰ বিস্ফোৰণত আহত হৈছিল ৪০০ তকৈ অধিক লোক।

উল্লেখ্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰত বিদ্ৰোহী সংগঠন এন ডি এফ বিয়ে সংঘটিত কৰিছিল এই ধাৰাবাহিক বিস্ফোৰণ।

এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী) গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।

ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে।

চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম। ২২ জনৰ ভিতৰত ৭ জন আছিল পলাতক।

বাকী আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে।

দোষী সাব্যস্ত হোৱা সকল হৈছে-

১. ৰঞ্জন দৈমাৰী

২. জৰ্জ বড়ো

৩. জয়ন্তী ব্ৰহ্ম

৪.অজয় বসুমতাৰী

৫. প্ৰভাত বড়ো

৬. ৰাজু চৰকাৰ

৭. খৰ্গেশ্বৰ বসুমতাৰী

৮. মৃদুল গয়াৰী

৯. বি থৰাই ওৰফে বৈশাগী

১০. মথুৰাম ব্ৰহ্ম

১১. আনচাই বড়ো

১২. ইন্দ্ৰ ব্ৰহ্ম

১৩. লক’ বসুমতাৰী

১৪. ৰাজেন গয়াৰী

১৫. নীলিম দৈমাৰী

Leave a Comment