অবৈধ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল যুৱক

নিউজ ডেস্ক। অপৰাধী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে এইবাৰ অবৈধ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল এজন যুৱক।

জানিব পৰা মতে, গোলাঘাটৰ নগৰ এৰেঙাপাৰত এজন যুৱকৰ পৰা উদ্ধাৰ .৩২ পিষ্টলসহ এটা সক্ৰিয় গুলী জব্দ কৰে আৰক্ষীয়ে।

আটক যুৱকজনৰ নাম বিকি নাথ বুলি জানিব পৰা গৈছে।

গোলাঘাটৰ ৰঙাজানৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পিষ্টলসহ যুৱক বিকি নাথক গোলাঘাটৰ এৰেঙাপাৰত হাতেলোটে আটক কৰে।

যুৱকজনে ক’ৰ পৰা কি উদ্দেশ্যে পিষ্টলটো সৰবৰাহ কৰিছিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে যুৱকজনক।

Leave a Comment