মহানগৰীৰ নাৰেংগীৰ বোন্দাত ভয়ংকৰ দুৰ্ঘটনা।
ৰে’লৰ খুন্দাত থিতাতে নিহত এজন যুৱক।
থিতাতে নিহত নাৰায়ণ কোচ নামৰ যুৱকজন।
বোন্দা-চপাইদং সংযোগী ৰে’ল ক্ৰছিঙত সংঘটিত হৈছে এই অঘটন।
আনহাতে দুৰ্ঘটনাটোত আহত হৈছে এজন যুৱক।
সংকটজনক অৱস্থাত আহত অঞ্জন কোচ নামৰ যুৱকনক GMCHলৈ প্রেৰণ কৰা হৈছে।
নাৰেংগীৰ পৰা চপাইদঙলৈ এখন পালছাৰ বাইকেৰে দুই ভাতৃয়ে গৈ থকা অৱস্থাত ৰে’ল পথটো পাৰ হ’ব খোজোতেই হয় এই অঘটন।









