খাৰঘূলিত কিয় ঘৰ সাজিব পৰা নাই হাৰ্টথ্ৰৱ জুবিন গাৰ্গে? বিহুৰ প্ৰথমখন মঞ্চৰ পৰাই ক’লে মনৰ কথা…

নিউজ ডেস্কঃ ৩ বছৰৰ পৰা পৰিকল্পনা কৰিও এটা ঘৰ সাজিব পৰা নাই জনপ্ৰিয় কণ্ঠশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে।

বিহুৰ প্ৰথমখন মঞ্চৰ পৰাই দৰ্শকক এই কথা জনাই কিয় তেওঁ ঘৰ সাজিব পৰা নাই সেই কথাও ক’লে কণ্ঠশিল্পীগৰাকীয়ে।

খাৰঘূলিৰ ৰঙালী বিহুৰ অনুষ্ঠানৰ মঞ্চত সংগীত পৰিৱেশন কৰাৰ মাজতে নিজৰ ব্যক্তিগত জীৱনৰ কিছু কথাও কৈ গ’ল জুবিন গাৰ্গে।

তেওঁ প্ৰকাশ কৰা মতে, তেওঁ যোৱা ৩ বছৰৰ পৰাই খাৰঘূলিত এটা ঘৰ সাজিব বিচাৰি আছে।

কিন্তু ধনৰ অভাৱত তেওঁ সাজি উলিয়াব পৰা নাই ঘৰটো।

অৱশ্যে এই সময়ছোৱাত এটা ষ্টুডিঅ’ তেওঁ নতুনকৈ নিৰ্মাণ কৰিছে বুলিও জনালে দৰ্শকক।

জুবিন গাৰ্গৰ ভাষ্য- নমৰালৈকে তেওঁ থাকিব খাৰঘূলিত।

খাৰঘূলিখন তেওঁ অতি ভাল পায় বুলি ব্যক্ত কৰি তেওঁ ক’লে- মই নমৰালৈকে খাৰঘূলিতে থাকিম।