পহিলা ব’হাগতে অঘটন! গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল ৩ কিশোৰ-কিশোৰী…

পহিলা ব’হাগতে আমিনগাঁৱত অঘটন।

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ পানীত পৰিল ৩ কিশোৰ-কিশোৰী।

আমিনগাঁৱৰ মৰিয়াপট্টিত সংঘটিত হয় এই ঘটনা।

গা ধুবলৈ পানীত নমাৰ পিছতে লুইতৰ বুকুত ডুব যায় কিশোৰ-কিশোৰী কেইগৰাকী।

অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে কিশোৰ-কিশোৰী কেইগৰাকীৰ।

পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তিনিওকে প্ৰেৰণ কৰা হয় হাস্পতাললৈ।

কিশোৰ-কিশোৰী কইগৰাকীৰ নাম অম্বিকা দাস, জিতু দাস আৰু আনন্দ হালদাৰ বুলি জানিব পৰা গৈছে।