আকৌ ঘোচ কাণ্ড! এইবাৰ হাতে-লোটে গ্ৰেপ্তাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ববী খান শইকীয়া…

ৰাজ্যত আকৌ ঘোচ কাণ্ড।

এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ এগৰাকী মহিলা কৰ্মচাৰী।

মঙলবাৰে শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কাৰ্যালয়টোৰ কৰ্মচাৰী ববী খান শইকীয়া।

মাটিৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ঘোচ লৈছিল ববী খান শইকীয়াই।

উপায়ুক্ত কাৰ্যালয়ৰ অপাৰেটৰ ৰূপে কৰ্মৰত আছিল ঘোচখোৰ মহিলা কৰ্মচাৰীগৰাকী।