অসমীয়াঅসম

এই কাহিনীৰ আঁৰত আছে আৰু এটা কাহিনী!

নিউজ ডেস্কঃ চৰ্চিত তেওঁ তেতিয়া হৈছিল, যেতিয়া ফোনত এবাৰ এগৰাকী জনপ্ৰতিনিধিকে ধমক দিছিল।

নিজৰ কৰ্তব্যৰ প্ৰতি সদা দায়বদ্ধ এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শক পৰৱৰ্তী সময়ত অন্য বহু কাৰণত চৰ্চিত হৈ পৰিছিল।

কেতিয়াবা যদি অপৰাধৰ বিৰুদ্ধে কঠোৰ ভূমিকাৰ বাবে, আন কেতিয়াবা আকৌ ভাৱীস্বামীকে কাৰাগাৰৰ কুঠৰীলৈ ঠেলি দি তেওঁ শিৰোনাম হৈ পৰিছিল সংবাদ মাধ্যমৰ।

মাজতে এবাৰ কেলেংকাৰীতো সাঙোৰ খাই পৰিছিল তেওঁৰ নাম। নিলম্বন হৈছিল, গ্ৰেপ্তাৰ হৈ কাৰাগাৰত কটাইছিল সময়।

image 54

কিন্তু পুনৰ মুকলি হৈ ওলাই আহি নিষ্ঠা আৰু দায়বদ্ধতাৰে যোগদান কৰিছিল কৰ্তব্যত। অপৰাধৰ ঘাটি হিচাপে পৰিচিত হৈ পৰা নগাঁও চহৰত ইটোৰ পিছত সিটো অপৰাধৰ বিৰুদ্ধে তেওঁ চলাইছিল জোৰদাৰ অভিযান।

সৌ সিদিনা তেওঁৰ ভয়তেই মেটেকাৰ পুখুৰীত জঁপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা চলাইছিল এজন অভিযুক্তই।

মানুহে তেওঁক বাহ বাহ দিছিল, তেওঁৰ কৰ্মোদ্যমী মনৰ প্ৰশংসা কৰিছিল সকলোৱে।

কিন্তু আজি তেওঁ হেৰাই গ’ল! নিমিষৰ এটা দুৰ্ঘটনাই কাঢ়ি লৈ গ’ল এগৰাকী পৰিশ্ৰমী আৰু সাহসী মহিলা আৰক্ষী বিষয়াৰ প্ৰাণ।

image 55

তাৰ পিছতে এতিয়া অনেকে প্ৰশ্ন কৰিছে- সঁচাই সেয়া দুৰ্ঘটনাই আছিল নে? কি কাৰণে মাজনিশা তেওঁ আহিছিল ওলাই? ভুল পথেৰে গাড়ী চলাইছিলেই বা কিয়!

তেওঁ জোনমণি ৰাভা। কাৰোবাৰ বাবে তেওঁ ‘লেডী সিংঘম’, আন কোনো সংবাদ মাধ্যমৰ শিৰোনামত তেওঁৰ বিভূষণ ‘ডাবাং কপ’।

সোমবাৰে মাজনিশা জখলাবন্ধাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত কাগজৰ পাতৰ দৰে চিৰাচিৰ হৈ পৰিছিল জোনমণি ৰাভাৰ মাৰুতী বাহনখন।

image 56

দুৰ্ঘটনাত জীৱন নাবাচিল জোনমণিৰ। শৰীৰত বিশেষ আঘাতৰ চিন নাথাকিলেও ইণ্টাৰনেল ইনজুৰিয়ে কাঢ়ি লৈ গ’ল আৰক্ষী বিষয়াগৰাকীৰ প্ৰাণ।

২০১৬ চনত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰা জোনমণি ৰাভাৰ সৈতে তেওঁ মাজুলীত কৰ্তব্যৰত হৈ থকা সময়ত সাধাৰণ সংঘাত হৈছিল বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ সৈতে।

ফোনত বিধায়কগৰাকীক টান বাক্য শুনোৱা জোনমণি ৰাভাৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল আৰক্ষী বিষয়াগৰাকী।

image 57

পৰিয়াল আৰু বন্ধুৰ মতে, অতি অমায়িক স্বভাৱৰ জোনমণি ৰাভা কৰ্তব্য সম্পাদনৰ সময়ত পিছতে আছিল শিলতকৈও কঠিন। সেয়ে য’তেও তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল, অপৰাধীৰ বাবে তেওঁ এক আতংকৰ নাম হৈ পৰিছিল।

অইন যুৱক-যুৱতীৰ দৰেই এটা সময়ত প্ৰেম হৈছিল জোনণি ৰাভাৰো। প্ৰেমিক আছিল ৰানা পগাগ।

প্ৰায় এবছৰীয়া সম্পৰ্কৰ অন্তত পৰিয়ালে বিয়াৰ মোহৰ লগাব বিচাৰিছিল দুয়োৰে মাজত। সেই অনুসৰি আঙুঠি পিন্ধোৱা পৰ্ব পৰ্যন্ত সম্পন্ন হৈছিল ৰানা পগাগ আৰু জোনমণিৰ মাজত।

কিন্তু তেতিয়াই ঘটিল অঘটন। নিজকে অইলৰ বিষয়া বুলি পৰিচয় দিয়া ভাৱীস্বামী ৰাণা পগাগৰ প্ৰকৃত মুখাখন খোল খালে জোনমণিৰ সন্মুখত। গম পালে, ৰাণা পগাগ আচলতে এজন মহা প্ৰৱঞ্চক।

image 58

তাৰ পিছত আৰু কি! জোনমণি ৰাভাই নিজেই ভাৱীস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি প্ৰেৰণ কৰিলে কাৰাগাৰৰ কুঠৰীলৈ।

সেই সময়ত জোণমনিক লৈ আকৌ চৰ্চা চলিল। নিজৰ ভাৱীস্বামীকো কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়াগৰাকীৰ কৰ্তব্য পৰায়নতাই মন জয় কৰিলে অনেক জনৰ।

কিন্তু কোৱা হয়- য’তেই নাম, তাতেই বদনাম। জোনমণি ৰাভাই যিদৰে যশ অৰ্জন কৰিছিল, সেইবাবেই যেন অপযশো তেওঁৰ বাবে ৰৈ আছিল।

image 59

ভাৱীস্বামীৰ সৈতে মিলি ঠিকাদাৰৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত নাম সাঙোৰ খাই পৰে জোনমণি ৰাভাৰ। একে অভিযোগতে তেওঁক আৰক্ষীৰ পৰা নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰো কৰা হয়।

২০২২ চনৰ ৫ জুনত গ্ৰেপ্তাৰ কৰা হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ। তাৰ পিছত তেওঁ প্ৰায় দুমাহ কাল পাৰ কৰিবলগীয়া হয় কাৰাগাৰৰ কুঠৰীত।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত পুনৰ কৰ্তব্যত যোগদান কৰি আকৌ এবাৰ চৰ্চিত হৈ পৰে জোনমণি। যি সময়ত জোনমণি ৰাভাই পুনৰ কৰ্তব্যত যোগদান কৰিছিল, সেই সময়ত অপৰাধৰ ঘাটী হিচাপে পৰিচিত হৈ পৰিছিল নগাঁও।

নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বৰ অপৰাধ বিৰোধী অভিযানৰ অংশ হৈ পৰা জোনমণিয়ে অতি উদ্যমিতাৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী, জুৱাৰী, ধৰ্ষণকাৰীক।

লাহে লাহে মোচ খাবলৈ আৰম্ভ কৰে জোনমণি ৰাভাৰ নামৰ সৈতে সাঙোৰ খাই পৰা কলংকৰ ছায়া। আকৌ এগৰাকী সৎ, সাহসী আৰু নিষ্ঠাবান আৰক্ষী বিষয়া হিচাপে চৰ্চিত হৈ পৰে জোনমণি।

image 60

শেহতীয়াকৈ তেওঁ দায়িত্বৰত আছিল নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে।

বাতৰি অনুসৰি, সোমবাৰে নিশা নিজৰ মাৰুতী কাৰেৰে জোনমণি ৰাভাই ৰাওনা হৈছিল যোৰহাট অভিমুখে। আৰু সেই সময়তে…

শোকত ম্ৰিয়মান জোনমণিৰ ভাতৃ আৰু মাতৃয়ে প্ৰকাশ কৰা মতে, প্ৰায় ১০ বজাত চৰকাৰী আৱাসৰ পৰা থানালৈ বুলি ওলাই গৈছিল জোনমণি।

কিন্তু কি কাৰণে আৰক্ষী বিষয়াগৰাকীয়ে নিশা নিজে গাড়ী চলাই ওলাই গৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

image 61

লগতে ইয়াক লৈও ৰহস্যৰ সৃষ্টি হৈছে জোনমণি ৰাভাই কিয় গৈছিল জখলাবন্ধালৈ?

বাতৰি অনুসৰি, জোনমণিয়ে ভুল পথেৰে গৈ থকা সময়তে জখলাবন্ধাৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুভগীয়াত UP 78UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘর্ষ ঘটিছিল জোনমণিৰ। নিশা প্ৰায় ডেৰ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

এগৰাকী আৰক্ষী বিষয়াই নিশা অকলে নিজৰ গাড়ী লৈ ওলাই যোৱা, যাব নলগীয়া ঠাইলৈ যোৱা, ভুল পথেৰে গাড়ী চলোৱা আদি এই সকলোবোৰ কাৰণে জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য অধিক ঘণীভূত কৰি তুলিছে।

image 62

এয়াও সত্য যে, কঠোৰ আৰক্ষী বিষয়া হিচাপে অনেক শত্ৰু গোটাই লৈছিল জোনমণি ৰাভাই। এনে পৰিপ্ৰেক্ষিতত আৰক্ষী বিষয়াগৰাকী কাৰোবাৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হ’ল নেকি তাক লৈও সন্দেহ বৃদ্ধি কৰিছে।

অভিযোগ অনুসৰি, শেহতীয়াকৈ লখিমপুৰৰ আজগৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই জোনমণি ৰাভাই পত্নীৰ পৰা ৮০ হাজাৰ টকা নগদ ধনৰ লগতে সোণৰ অলংকাৰ আৰু আধাৰ-পান কাৰ্ড আদি কাঢ়ি অনাৰ অভিযোগ উঠিছিল।

এই সন্দৰ্ভত যোৱা ৬ মেত ভুক্তভোগীৰ মাতৃয়ে লখিমপুৰ থানাত জোনমণি ৰাভা আৰু অইন আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল। যাৰ পিছত জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণৰ যো-জা চলাইছিল নগাঁৱৰ আৰক্ষী অধীক্ষকে।

লক্ষণীয়ভাৱে দুৰ্ঘটনা সংঘটিত হোৱাৰ আগদিনা নিজৰ হোৱাটছএপৰ ডিপি কলা কৰিছিল জোনমণি ৰাভাই। এতিয়া তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে।

জোনমণি ৰাভা কাৰোবাৰ হাতৰ পুতলা হৈ পৰিছিল নেকি? কোনোৱে ব্যৱহাৰ কৰিছিল নেকি আৰক্ষী বিষয়াগৰাকীক, তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। যি প্ৰশ্নৰ উত্তৰ নিশ্চিতভাৱে তদন্তত পোহৰলৈ আহিব।

কিন্তু তদন্ততো পোহৰলৈ নহা অলেখ কাহিনী মৃত্যুৰ লগে লগে হেৰাই থাকিল জোনমণি ৰাভাৰ সৈতে। বহু প্ৰশ্ন যে উত্তৰবিহীন হৈ ৰব সেয়াও নিশ্চিত।