মেট্ৰিকৰ মাষ্টাৰষ্ট্ৰোক! আপুনিও পাহৰি গ’ল নেকি জোনমণিৰ কথা…

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

অৱশ্যে পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰাৰ কথা নাছিল। কালিলৈকে কোনেও জনাও নাছিল এই বিষয়ে।

কিন্তু পুৱা এক টুইট কৰি আজি ৰিজাল্ট ঘোষণা কৰা হ’ব বুলি অৱগত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। তাৰ পিছতে পুৱা ১০ বজাত ঘোষণা কৰা হ’ল মেট্ৰিকৰ ৰিজাল্ট।

ফলাফল ঘোষণাৰ পিছৰে পৰা ব্যস্ত হৈ পৰিছে সংবাদ মাধ্যম, সামাজিক মাধ্যম। পৰীক্ষাত স্থানপ্ৰাপকসকলক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলোৱা হৈছে।

কিমান ঘণ্টা পঢ়িছিলা, হবী কি, গীত গোৱানে, অনুপ্ৰেৰণা কোন, ক’ত এডমিশ্যন ল’বা আদি নানান প্ৰশ্নৰে আজিৰ দিনটোৰ বাতৰি হৈ পৰিব শীৰ্ষস্থানপ্ৰাপকসকল।

আগন্তুক সপ্তাহ, পষেকলৈকে সংবাদ মাধ্যমৰ অতিথি হ’ব আজিৰ ফলাফলত ভাল ফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকল।

এটা বছৰৰ পৰিশ্ৰম, অধ্যাৱসায়ে আজি বহুতৰে মুখত হাঁহি বিৰিঙাইছে। বহুতৰ বাবে আজিৰ দিনটো হৈ ৰ’ব স্মৰণীয়।

এনে এটা দিনক অধিক স্মৰণীয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সংবাদ মাধ্যমসমূহে। সামাজিক মাধ্যমতো চৰ্চা চলিব, সফল ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ কাহিনী শুনাই শুনাই অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীৰ সাহস বঢ়াব।

অ’ আৰু এটা কথা… এনেহেন সময়তে দৰিদ্ৰতাক জয় কৰি সুখ্যাতি অৰ্জন কৰা দুখীয়া ছাত্ৰ-ছাত্ৰীৰ সন্ধানত গাঁৱে গাঁৱে ঘূৰি ফুৰিব সাংবাদিক। আগন্তুক এমাহ-ডেৰমাহলৈ এয়া চলিয়েই থাকিব।

মেট্ৰিকৰ চৰ্চা মাৰ নৌযাওতেই আকৌ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰো ফলাফল। আকৌ একেদৰেই ব্যস্ত হৈ পৰিব সকলো। কৃতিত্বৰ গৰিমা আৰু শুভেচ্ছা বাৰ্তাৰে উপচি পৰিব ফেচবুকৰ মজিয়া।

মুঠতে কম হ’লেও এয়া দুমাহৰ কাৰ্যক্ৰমণিকা। অৰ্থাৎ আগন্তুক দুমাহলৈ আপুনি খবৰ বুলিলে পাব কেৱল মেট্ৰিক আৰু হায়াৰ চেকণ্ডাৰীত সাফল্য অৰ্জন কৰা শিক্ষাৰ্থীৰ সপোন বাস্তৱ হোৱাৰ কাহিনী।

কিন্তু এই সকলোবোৰৰ মাজত ক’ত থাকিব জোনমণি ৰাভাৰ মৃত্যুৰ কাহিনী?

হয়তো কোনোবাদিনা আপোনাৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ প্ৰচাৰ হ’ব দুই-এটা বাতৰি। কিন্তু গুৰুত্বই বা দিব কোনে?

বিগত কিছু দিনত ৰাজ্যৰ অন্যতম চৰ্চাৰ বিষয় আছিল এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু।

১৫ মে’ৰ মাজনিশা জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত অতি ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ।

লেডী সিংঘম বুলিও এসময়ত জনপ্ৰিয় হৈ পৰা জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় বিচাৰি হাহাকাৰ কৰি উঠিছিল সকলো। প্ৰতিদিনেই পোহৰলৈ অহা ন ন তথ্যই অধিক ৰহস্যময় কৰি তুলিছিল সেই মৃত্যুক।

সংবাদ মাধ্যমেই হওক বা সামাজিক মাধ্যম- সকলোৰে বাবে মুখ্য আগ্ৰহ আছিল জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ৰহস্য উদঘাটন কৰা।

দুৰ্ঘটনা বুলি মানি ল’বলৈ টান লগা এই দুৰ্ঘটনাৰ বিৰুদ্ধে লাহে লাহে বাঢ়ি আহিছিল শীতল প্ৰতিবাদ।

এনে কাৰণতেই জোনমণিৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হৈছিল চৰকাৰ। এনে কাৰণতেই হঠাৎ গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰিবলগীয়া হৈছিল প্ৰশাসনে।

গভীৰ ৰহস্যময় দুৰ্ঘটনাটোত নাম সাঙোৰ খাই পৰা আৰক্ষী বিষয়াক বদলি কৰা হৈছিল, কেইবাজনকো ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল।

সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ বিৱৰণ দিবলগীয়া হৈছিল ডিজিপি ভাস্কৰজ্যোতি মহন্তই।

এই কেইদিনত চৰ্চাৰ বিষয় আছিল প্ৰণৱ দাসো। বোকাখাতৰ এই যুৱকজন জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী।

চৰ্চিত প্ৰণৱ দাসক মিছলীয়া সজোৱাৰ কোনো ক্ৰুটিয়েই ৰখা নাছিল তেওঁৰ আত্মীয়, গাড়ীক চালক, অঞ্চলবাসীয়ে। যাৰ বাবে মানুহে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল- কোন সঁচা কোন মিছা?

কাৰোবাৰ চক্ৰান্তৰ বলি হোৱা নাইতো প্ৰণৱ দাস? -উঠিছিল এই প্ৰশ্নও।

কিন্তু বিগত প্ৰায় এটা সপ্তাহে উত্থাপন হোৱা এই প্ৰশ্ন, চৰ্চাক লৈ আজি অনেকেই আগ্ৰহী নহয়। আজিৰ আগ্ৰহ মেট্ৰিকৰ সফলতা। আজিৰ চৰ্চা দাৰিদ্ৰ্যতাক জয় কৰি সাফল্য অৰ্জন কৰা দুখীয়া শিক্ষাৰ্থীৰ জীৱনৰ কাহিনী।

কিন্তু একাংশ সচেতন নাগৰিকে আজিও প্ৰশ্ন কৰিছে- ৩০ মে’ত ঘোষণা কৰিবলগীয়া মেট্ৰিকৰ ফলাফল মাত্ৰ দুঘণ্টা পূৰ্বে জাননী জাৰি কৰি আজিয়েই ঘোষণা কৰা হ’ল কিয়?

জোনমণিৰ মৃত্যুক পাহৰাই পেলাবলৈ এয়া চৰকাৰৰ মাষ্টাৰষ্ট্ৰোক নহয়তো? -প্ৰশ্ন এয়াও উত্থাপন হৈছে।

আগন্তুক ডেৰ-দুমাহলৈ চৰ্চাৰ বিষয় হ’বলৈ গৈ থকা পৰীক্ষাৰ ফলাফলৰ মাজত সঁচাই জোনমণিৰ কাহিনী তল পৰি ৰ’ব নেকি, সেয়া নিশ্চিতভাৱে চিন্তাৰ বিষয়।