নিউজ ডেস্কঃ মেট্ৰিকত শীৰ্ষস্থান দখল কৰা হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে।
পৰীক্ষাৰ ফলাফলত আনন্দ ব্যক্ত কৰি সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে হৃদমে অধ্যয়ন কৰা ঢেকীয়াজুলীৰ শংকৰদেৱ শিশু নিকেতনলৈও বিধায়ক পুঁজিৰ পৰা ২০ লাখ টকা প্ৰদানৰ ঘোষণা মন্ত্ৰীগৰাকীৰ।
অন্য শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদানৰ লগতে উৎসাহ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে অশোক সিংঘালে।
উল্লেখ্য যে, আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৯৬ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে হৃদম ঠাকুৰীয়াই।