চুলিৰ ৰঙক লৈ বিপাঙত আৰক্ষী বিষয়াঃ খোদ DSPৰ বিৰুদ্ধে বিভাগীয় কঠোৰ নিৰ্দেশ

নিউজ ডেস্কঃ চুলিৰ উজ্জ্বল ৰঙক লৈ ওড়িশাৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া এতিয়া পৰিছে বিভাগীয় ৰোষত। জগতসিংপুৰ জিলাত কৰ্মৰত ৪৯ বছৰীয়া ডি এছ পি ৰশ্মি ৰঞ্জন দাসৰ উজ্জ্বল ৰঙা ৰঙৰ চুলি আৰক্ষীৰ শৃংখলা আৰু গৰিমাৰ পৰিপন্থী হোৱাৰ অভিযোগত আৰক্ষী মুখ্য কাৰ্যালয়ৰ লক্ষ্য হৈ পৰিছে। অলপতে ইউনিফৰ্ম পৰিহিত অৱস্থাত তেওঁৰ ৰঙা চুলিৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়।

ঘটনাৰ সবিশেষ তথ্য অনুসৰি, ডি এছ পি দাসে দীৰ্ঘদিন ধৰি এনে হেয়াৰ কালাৰ ব্যৱহাৰ কৰি আহিছিল যদিও বুধবাৰে তেওঁৰ ছবিসমূহ ছচিয়েল মিডিয়াত ব্যাপকভাৱে বিয়পি পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক (আই জি) সত্যজিত নাইকে বিষয়টোত কঠোৰ স্থিতি গ্ৰহণ কৰে। তেওঁ ডি এছ পি দাসক তৎকালীনভাৱে চুলিৰ ৰং প্ৰাকৃতিক কৰিবলৈ নিৰ্দেশ দি এক আনুষ্ঠানিক সকীয়নি জাৰি কৰিছে। আই জি নাইকে জানিবলৈ দিয়া মতে, এগৰাকী আৰক্ষী জোৱানৰ পোছাক আৰু চেহেৰাই বিভাগৰ গৰিমা আৰু অনুশাসন প্ৰতিফলিত কৰে।

Gemini Generated Image s7un15s7un15s7un
চুলিৰ ৰঙক লৈ বিপাঙত আৰক্ষী বিষয়াঃ খোদ DSPৰ বিৰুদ্ধে বিভাগীয় কঠোৰ নিৰ্দেশ 2

ইফালে, এই বিতৰ্কক লৈ স্থানীয় ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াই দেখা দিছে। জগতসিংপুৰৰ একাংশ বাসিন্দাই ডি এছ পি দাসৰ পক্ষ সমৰ্থন কৰি কয় যে তেওঁ অপৰাধীৰ বিৰুদ্ধে অতি কঠোৰ আৰু দক্ষ বিষয়া। এজন বিষয়াৰ যোগ্যতা তেওঁৰ কামৰ দ্বাৰা বিচাৰ কৰিব লাগে, চুলিৰ ষ্টাইলৰ দ্বাৰা নহয় বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে আৰক্ষী ম্যানুৱেলত চুলিৰ ষ্টাইলক লৈ কোনো স্পষ্ট নিয়ম নাই যদিও এজন অনুশাসিত বিষয়াৰ পৰা সৰলতা সদায় আশা কৰা হয়। বৰ্তমান মানৱ অধিকাৰ সুৰক্ষা কোষৰ সৈতে জড়িত ডি এছ পি দাসে এই সমগ্ৰ বিতৰ্ক সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। আৰক্ষী মুখ্য কাৰ্যালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে খাকী পোছাকৰ মৰ্যাদা আৰু অনুশাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ সহ্য কৰা নহ’ব।

Leave a Comment