অসমীয়াৰাষ্ট্ৰীয়

হাতে-ভৰি আঙুলি ২৪টা! হাস্পতালত জন্ম বিস্ময় বালকৰ

নিউজ ডেস্কঃ প্ৰকৃতিৰ এক বিৰল পৰিঘটনাৰ মাজতে মধ্যপ্ৰদেশৰ বৈতুল জিলাত জন্ম হ’ল ২৪ টা আঙুলি থকা এটি শিশুৰ। জিলাখনৰ বদোৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা ২৭ জানুৱাৰীত জন্ম লাভ কৰা এই বিশেষ শিশুটিৰ হাত আৰু ভৰিৰ আঙুলিৰ সংখ্যাই এতিয়া চিকিৎসকৰ লগতে স্থানীয় লোকৰ মাজতো উৎসুকতাৰ সৃষ্টি কৰিছে। শিশুটিৰ দুই হাত আৰু দুই ভৰিত ৬ টাকৈ মুঠ ২৪ টা আঙুলি আছে।

চিকিৎসালয় সূত্ৰই জনোৱা অনুসৰি, এগৰাকী মহিলাই স্বাভাৱিক প্ৰসৱৰ জৰিয়তে প্ৰায় চাৰে তিনি কিলোগ্ৰাম ওজনৰ এই সুস্থ কন্যা শিশুটিৰ জন্ম দিয়ে। শিশুটি ভূমিষ্ঠ হোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত হাত আৰু ভৰিত অতিৰিক্ত আঙুলি থকাৰ তথ্য পোহৰলৈ আহে। বৰ্তমান শিশুটিৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

image 9
হাতে-ভৰি আঙুলি ২৪টা! হাস্পতালত জন্ম বিস্ময় বালকৰ 4

চিকিৎসা বিজ্ঞানৰ ভাষাত এই অৱস্থাক পলিডেক্টিলি বুলি কোৱা হয়। জিলা চিকিৎসালয়ৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ জগদীশ ঘোৰেৰ মতে, জিনীয় কাৰণ বা জন্মগত বিসংগতিৰ বাবে এনে পৰিঘটনা সংঘটিত হয়। তেওঁ লগতে উল্লেখ কৰে যে এইটো অতি বিৰল নহ’লেও সাধাৰণতে দেখা পোৱা পৰিঘটনা নহয়।

image 10
হাতে-ভৰি আঙুলি ২৪টা! হাস্পতালত জন্ম বিস্ময় বালকৰ 5

পৰীক্ষাৰ পিছতহে চিকিৎসকে নিশ্চিত কৰিব যে এই অতিৰিক্ত আঙুলিবোৰ কেৱল ছালৰ সৈতে নে হাড়ৰ সৈতে সংযুক্ত হৈ আছে। পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰৰ জৰিয়তে এই আঙুলিবোৰ আঁতৰাব পৰা যাব যদিও বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ থকাত পৰিয়ালৰ মাজত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *