মানৱতাৰ অনন্য নিদৰ্শনঃ দুই যুৱকক উদ্ধাৰ কৰিবলৈ গংগাত জাপ মহিলা আৰক্ষীৰ, নিচিন্তিলে নিজৰ কথা

নিউজ ডেস্কঃ কৰ্তব্যৰ খাতিৰত নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি এগৰাকী মহিলা আৰক্ষীয়ে গ্ৰহণ কৰা সাহসী পদক্ষেপে বিহাৰৰ ৰাজধানী পাটনাৰ আৰক্ষী বিভাগৰ লগতে সাধাৰণ জনতাকো এতিয়া গৌৰৱান্বিত কৰি তুলিছে। গংগা নদীৰ প্ৰবল সোঁতত ডুব যোৱা দুজন যুৱকক বচাবলৈ পাটনা আৰক্ষীৰ মহিলা কনিষ্টবল তৰা কুমাৰীয়ে কোনো ধৰণৰ সুৰক্ষামূলক সঁজুলি অবিহনেই উফন্দি থকা নদীত জঁপিয়াই পৰা ঘটনাই মানৱতাৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে। সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে তেওঁৰ সাহসিকতাক সকলোৱে প্ৰশংসাৰে উপচাই দিছে।

পাটনা ট্ৰেফিক আৰক্ষীৰ এগৰাকী কনিষ্টবল তৰা কুমাৰীয়ে দীঘা ঘাটত কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়তে এই মৰ্মান্তিক ঘটনাটো প্ৰত্যক্ষ কৰে। ঘাটত উপস্থিত থকা হাজাৰ হাজাৰ লোকে কেৱল চিঞৰ-বাখৰ কৰি ভিডিঅ’ বনোৱাত ব্যস্ত থকাৰ বিপৰীতে তৰা কুমাৰীয়ে এক মুহূৰ্তও পলম নকৰি নদীৰ বুকুত জাঁপ দিয়ে। গংগাৰ তীব্ৰ সোঁতে দুই যুৱকক উটুৱাই নিবলৈ ধৰাৰ সময়ত তেওঁ কোনো উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ অথবা লাইফ জেকেটৰ বাবে অপেক্ষা নকৰি নিজৰ পোছাক পিন্ধি থকা অৱস্থাতে পানীত নামে।

পাটনা ট্ৰেফিক আৰক্ষীয়ে তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডলত এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “ট্ৰেফিক আৰক্ষী ৰাস্তা পৰিচালনাৰ বাবে দায়বদ্ধ হ’লেও কৰ্তব্য আৰু মানৱতাৰ কোনো সীমা নাথাকে।” প’ষ্টটোত উল্লেখ কৰা মতে, কনিষ্টবল নং ৩১৫০ তৰা কুমাৰীয়ে নিজৰ নিৰ্ধাৰিত কৰ্তব্যৰ পৰা এখোজ আগুৱাই গৈ এক অত্যন্ত সাহসী পদক্ষেপ গ্ৰহণ কৰে। নদীৰ ধাৰ অতি তীব্ৰ আছিল যদিও তেওঁ যুৱক দুজনক বিচাৰি গভীৰ পানীৰ মাজলৈ গৈ উদ্ধাৰৰ চেষ্টা চলায়।

তৰা কুমাৰীৰ এই অদম্য সাহসিকতাই প্ৰমাণ কৰিলে যে আৰক্ষীৰ পোছাকযোৰ কেৱল আইন ৰক্ষাৰ বাবেই নহয়, বৰঞ্চ বিপদৰ সময়ত মানুহৰ প্ৰাণ বচাবলৈও সদায় সাজু। ঘাটত উপস্থিত থকা মানুহবোৰে যেতিয়া একো কৰিব পৰা নাছিল, তেতিয়া এগৰাকী মহিলাই দেখুওৱা এনে তৎপৰতাই এতিয়া সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমান আৰক্ষীৰ বিভাগীয় স্তৰতো তৰা কুমাৰীক এই কাৰ্যৰ বাবে বিশেষ সন্মান জনোৱাৰ কথা চিন্তা কৰা হৈছে।

Leave a Comment