নিউজ ডেস্কঃ পৰিয়ালৰ মৰ্যাদা আৰু ব্যক্তিগত পছন্দৰ মাজত হোৱা তীব্ৰ সংঘাতে উত্তৰ প্ৰদেশৰ গোণ্ডাত ৰূপ ল’লে এক বিৰল তথা পশুতুল্য হত্যাকাণ্ডৰ। এহাল যুৱক-যুৱতীৰ মাজৰ প্ৰেমৰ সম্পৰ্কক সামাজিক মৰ্যাদাৰ দোহাই দি পৰিয়ালে বাধা দি অহাৰ পৰিণতিস্বৰূপেই এগৰাকী নিৰপৰাধী যুৱতীয়ে নিজৰ আপোনজনৰ হাততে হেৰুৱাবলগীয়া হ’ল প্ৰাণ। কেৱল প্ৰেমিকৰ দেহৰ ক’লা বৰণৰ বাবেই পিতৃ আৰু ভাতৃয়ে মানৱতাক ভৰিৰে মোহাৰি চৰম শাস্তি বিহে যুৱতীগৰাকীক।
জিলাখনৰ বাবা পুৰৱা ঠোৰহংস গাঁৱত যোৱা শুকুৰবাৰে এই জঘন্য হত্যাকাণ্ড সংঘটিত হয়। ২১ বছৰীয়া ৰোশনী নামৰ যুৱতীগৰাকীয়ে পৰমেশ্বৰ পাঠক নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ জেদ ধৰিছিল। প্ৰথম অৱস্থাত পৰিয়ালে বিয়াখন ঠিক কৰিছিল যদিও যুৱকজনৰ ক’লা বৰণক লৈ পিছলৈ আপত্তি দৰ্শাই পিতৃ চন্দ্ৰ প্ৰকাশ পাণ্ডে আৰু ভাতৃ ৰাহুলে সম্পৰ্কটো ভাঙি দিয়ে। কিন্তু ৰোশনীয়ে প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ জেদ কৰি থকাত পৰিয়ালটোত তীব্ৰ বিবাদৰ সৃষ্টি হয়।

আৰক্ষীৰ জেৰাত হত্যাকাৰী পিতৃ-ভাতৃয়ে স্বীকাৰ কৰা মতে, শুকুৰবাৰে পুৱা তেওঁলোকে ৰোশনীক এটা কোঠালৈ লৈ যায়। তাৰ পিছত এখন বিছনাৰ খুঁটাত মাফলাৰে হাত দুখন বান্ধি আৰু ডিঙিৰ ওৰণিৰে মুখখন বন্ধ কৰি বিদ্যুৎস্পৃষ্ট কৰে। কাৰেণ্ট লগাৰ ফলত থিতাতে ৰোশনীৰ মৃত্যু হয়। প্ৰেমিক পৰমেশ্বৰে আৰক্ষীক খবৰ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু শনিবাৰে আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰে।
গ্ৰেপ্তাৰ কৰা পিতৃ আৰু ভাতৃৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছে। এছ পি বিনীত জয়ছোৱালে জনোৱা মতে, হত্যাকাণ্ডত ব্যৱহৃত বিদ্যুৎ পৰিবাহী তাঁৰ, মাফলাৰ আৰু ওৰণি আদি জব্দ কৰা হৈছে। নিজৰ জীয়ৰীৰ পছন্দক সন্মান জনোৱাৰ পৰিৱৰ্তে এনেদৰে অমানৱীয়ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।









