সন্ত্ৰাসবাদী সংগঠনেৰে সম্পৰ্ক ৰক্ষা কৰি জেহাদী সাহিত্যৰ প্ৰচাৰ; গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

নিউজ ডেস্কঃ আইছিছৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰি এতিয়া বিপদত পৰিছে এজন মেধাৱী ছাত্ৰ। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৰ অনলাইন মডিউলৰ জৰিয়তে উগ্ৰপন্থী মতাদৰ্শ প্ৰচাৰ কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে ১৯ বছৰীয়া হৰিছ আলীক।

বি ডি এছৰ দ্বিতীয় বৰ্ষৰ এই ছাত্ৰজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক উগ্ৰপন্থী মতাদৰ্শৰে প্ৰভাৱিত কৰাৰ এক বৃহৎ নেটৱৰ্ক চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। এ টি এছৰ বিষয়াৰ মতে, ছাহাৰনপুৰৰ নিবাসী হৰিছে ইনষ্টাগ্ৰাম আৰু ডিছকৰ্ডৰ দৰে প্লেটফৰ্মত বেনামী একাউণ্ট খুলি আইছিছৰ জেহাদী সাহিত্য আৰু ভিডিঅ’ প্ৰচাৰ কৰিছিল।

image 30
সন্ত্ৰাসবাদী সংগঠনেৰে সম্পৰ্ক ৰক্ষা কৰি জেহাদী সাহিত্যৰ প্ৰচাৰ; গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ 2

ইফালে, ‘আল ইত্তিহাদ মিডিয়া ফাউণ্ডেচন’ নামৰ এটা গ্ৰুপৰ জৰিয়তে তেওঁ পাকিস্তান তথা অন্যান্য দেশৰ সন্ত্ৰাসবাদী গোটৰ সৈতে ভি পি এনৰ সহায়ত যোগাযোগ ৰক্ষা কৰিছিল। ভাৰতৰ গণতান্ত্ৰিক চৰকাৰ ওফৰাই শৰীয়ত আইন প্ৰতিষ্ঠা কৰাৰ এক গভীৰ ষড়যন্ত্ৰতো তেওঁ লিপ্ত আছিল বুলি আৰক্ষীয়ে দাবী কৰিছে।

তদুপৰি জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰা মতে, তেওঁ অনলাইন গ্ৰুপবোৰৰ সদস্যসকলক আত্মঘাতী আক্ৰমণৰ বাবেও উচতনি দিছিল। এই সমগ্ৰ নেটৱৰ্কটোৰ সৈতে আন কোনোবা জড়িত আছে নেকি সেই সন্দৰ্ভত বৰ্তমান অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। সম্প্ৰতি হৰিছক আদালতত হাজিৰ কৰোৱাৰ পাছত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

Leave a Comment