পৰ্যটনৰ আৰঁত উত্তৰ-পূৰ্বাঞ্চলত কূটাঘাতৰ ষড়যন্ত্ৰ! NIA-ৰ জালত আমেৰিকান আৰু ইউক্ৰেইনী নাগৰিক

নিউজ ডেস্কঃ পৰ্যটকৰ ভিছাৰে ভাৰতত সোমাই দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি কঢ়িয়াই আনিলে সাতগৰাকী বিদেশী নাগৰিকে। যোৱা ১৩ মাৰ্চত কলকাতা, দিল্লী আৰু লক্ষ্ণৌ বিমান বন্দৰৰ পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আটক কৰা এই সাতজনীয়া দলটোৱে ম্যানমাৰৰ উগ্ৰপন্থী সংগঠনক প্ৰশিক্ষণ দিয়াৰ এক ভয়ংকৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল।

image 33
পৰ্যটনৰ আৰঁত উত্তৰ-পূৰ্বাঞ্চলত কূটাঘাতৰ ষড়যন্ত্ৰ! NIA-ৰ জালত আমেৰিকান আৰু ইউক্ৰেইনী নাগৰিক 4

এন আই এৰ তথ্য অনুসৰি, আমেৰিকান নাগৰিক মেথিউ ভেনডাইক আৰু তেওঁৰ সহযোগীসকলে পৰ্যটকৰ ভিছাৰে ভাৰতত প্ৰৱেশ কৰিছিল। গুৱাহাটী হৈ তেওঁলোকে নিষিদ্ধ এলেকাৰ অনুমতি নোহোৱাকৈয়ে মিজোৰামৰ সীমান্ত অতিক্ৰম কৰি ম্যানমাৰত প্ৰৱেশ কৰিছিল। অভিযোগ উঠিছে যে এই দলটোৱে ম্যানমাৰৰ সশস্ত্ৰ গোষ্ঠীসমূহক ড্ৰোন যুদ্ধ, অস্ত্ৰ চালনা আৰু জামিং প্ৰযুক্তিৰ বিশেষ প্ৰশিক্ষণ দি আহিছিল। এই গোষ্ঠীসমূহৰ সৈতে উত্তৰ-পূব ভাৰতৰ কেইবাটাও নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ গোপন সম্পৰ্ক থকাৰো প্ৰমাণ পোৱা গৈছে।

image 31
পৰ্যটনৰ আৰঁত উত্তৰ-পূৰ্বাঞ্চলত কূটাঘাতৰ ষড়যন্ত্ৰ! NIA-ৰ জালত আমেৰিকান আৰু ইউক্ৰেইনী নাগৰিক 5

তদন্তত আৰু এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে যে ইউৰোপৰ পৰা ড্ৰোনৰ এক বৃহৎ চালান আনি তেওঁলোকে ম্যানমাৰৰ উগ্ৰপন্থী শিবিৰত যোগান ধৰিছিল। মেথিউ ভেনডাইক নামৰ এই আমেৰিকান ব্যক্তিজনে ইয়াৰ পূৰ্বে লিবিয়া আৰু ছিৰিয়াৰ দৰে যুদ্ধবিধ্বস্ত দেশত ভাড়াতীয়া সৈনিক হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে। বৰ্তমান পাটিয়ালা হাউচ কোৰ্টে তেওঁলোকক ১১ দিনৰ বাবে এন আই এৰ জিম্মাত পঠিয়াইছে।

image 32
পৰ্যটনৰ আৰঁত উত্তৰ-পূৰ্বাঞ্চলত কূটাঘাতৰ ষড়যন্ত্ৰ! NIA-ৰ জালত আমেৰিকান আৰু ইউক্ৰেইনী নাগৰিক 6

ইফালে, ইউক্ৰেইন চৰকাৰে তেওঁলোকৰ নাগৰিকসকলৰ মুক্তিৰ বাবে আবেদন জনোৱাৰ লগতে বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমেৰিকাৰ দূতাবাসেও সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি জানিবলৈ দিছে। দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ আঁৰত কোনো ডাঙৰ শক্তি জড়িত আছে নেকি, তাক লৈ এন আই এ-ই বৰ্তমান অধিক তৎপৰতাৰে তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment