নিউজ ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে তেওঁৰ পত্নীৰ।
মঙলবাৰে মহাৰাষ্ট্ৰৰ বুলধানা জিলাৰ সমৃদ্ধি ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ পিটছ কিউৰেটৰ প্ৰবীণ হিংগনিকৰ।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সপত্নীক পুনেৰ পৰা নাগপুৰ অভিমুখে গৈ থকা সময়ত মেহকাৰ তালুকৰ সমীপৰ এখন দলঙৰ কাষত ৰখাই থোৱা এখন কন্টেইনাৰ ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে তেওঁলোকৰ ক্ৰেটা বাহনখনে।
এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ পত্নীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় প্ৰবীণ হিংগনিকৰ।
পিছত দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত হিংগনিকৰক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে।