টেডএক্স ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত নিছে মেৰুনোৰ পিয়ানোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘মায়াবিনী’ৰ প্ৰতিধ্বনি

গুৱাহাটীঃ অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় (আৰ জি ইউ)ৰ উদ্যোগত যোৱাকালি সন্ধিয়া “টেডএক্স ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়” শীৰ্ষক এক উল্লেখযোগ্য সংস্কৰণৰ আয়োজন কৰা হয়, য’ত সৃষ্টিশীল আৰু পৰিৱৰ্তনশীল চিন্তাধাৰাৰ এক সুন্দৰ সমন্বয় হয়। ইয়াৰ লগতে আন্তৰ্জাতিক খ্যাতসম্পন্ন কনচাৰ্ট পিয়ানোবাদক নিছে মেৰুণোৱে কিংবদন্তি অসমীয়া সংগীত শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী” গীতৰ পিয়ানোত সংকেত স্ক’ৰ (notation score) পৰিবেশনৰ জৰিয়তে শিল্পীজনৰ প্ৰতি এক আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ প্ৰশংসিত ফেশ্বন ডিজাইনাৰ বাম্বি কেভিচুছা, অসমৰ মহাধিবক্তা তথা বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কনচাৰ্ট পিয়ানোবাদক নিচে মেৰুনো আৰু বিশিষ্ট সামাজিক উদ্যোগী আৰু কৌশলবিদ ৰঞ্জিত বৰঠাকুৰ। তেওঁলোকৰ বক্তব্যই গতানুগতিক চিন্তাধাৰাক প্ৰত্যাহ্বান জনাই অৰ্থপূৰ্ণ পৰিৱৰ্তন গঢ় দিয়াত ব্যক্তিত্বৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে।

আৰ জি ইউৰ ছাত্ৰ কল্যাণ বিভাগৰ উপ-ডীন আৰু টেডএক্স ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ মুখ্য অনুজ্ঞাপত্ৰধাৰী আৰু কিউৰেটৰ সত্যকি ডি’কম ভূঞাই কয় যে এই কাৰ্যসূচী আয়োজন কৰাটো এক গভীৰ দায়িত্ব আৰু এক সুন্দৰ অভিজ্ঞতা। “টেডএক্স এটা মাথো মঞ্চ নহয়, ই হ’ল সম্প্ৰদায়সমূহক অনুপ্ৰাণিত কৰা আৰু দৃষ্টিভংগীক সেতুবন্ধন কৰা ধাৰণাসমূহৰ এক আন্দোলন।” – তেওঁ কয়।

ছিংগাপুৰত প্ৰশিক্ষণ লোৱা আৰু বিশ্বজুৰি প্ৰশংসিত নিছে মেৰুনোৱে সংগীতে কেনেকৈ ভৌগোলিক সীমাৰেখা অতিক্ৰম কৰি আৱেগ আৰু মৌলিকতাৰ জৰিয়তে হৃদয়ক একত্ৰিত কৰে সেই বিষয়ে কয়। প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ প্ৰিয় ৰচনা “মায়াবিনী” গীতৰ সংকেত স্কোৰ পৰিবেশন কৰি তেওঁ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।

#TedX #Zubeen Garg #Royal Global University

Leave a Comment