লক্ষ্মীপূজা উপলক্ষে পৰম্পৰাগত নাওখেল প্ৰতিযােগিতা উপভােগ কৰিবলৈ লােকে-লােকাৰণ্য কুলশী নৈৰ দুয়াে পাৰ

কুলশী ইয়ুথ ক্লাৱৰ নাওখেল প্ৰতিযােগিতাৰ সােণালী জয়ন্তী বৰ্ষ উদযাপন

বিগত বছৰৰ দৰে এইবেলিও দক্ষিণ কামৰূপৰ ৰাভা জনগোষ্ঠীয় (Rabha Community of South Kamrup) অধ্যুষিত বৃহত্তৰ কুলশী (Kulsi or Kulshi) অঞ্চলবাসীৰ জনজীৱনৰ আয়ুসৰেখা কুলশী নৈত (Kulsi River) লক্ষ্মী পূজাৰ প্ৰাক্ মুহূৰ্ত্তত (On the eve of Lakshmi Puja or Lakhi Puja) পৰম্পৰাগত নাওখেল প্রতিযোগিতা (Traditonal Boat Race) অনুষ্ঠিত কৰা হয়।

কুলশী ইউথ ক্লাৱৰ (Kulshi Youth Club) উদ্যোগত অনুষ্ঠিত এই ব্যতিক্রমী নাওখেল প্রতিযোগিতা উপভোগ কৰিবলৈ দক্ষিণ কামৰূপ বিভিন্ন গ্ৰামাঞ্চল, নগৰাঞ্চলৰ উপৰি প্রতিবেশী ৰাজ্য মেঘালয়ৰ (Meghalaya) পৰাও প্রায় অৰ্দ্ধলক্ষাধিক লোক কুলশীৰ নৈৰ দুই পাৰত ভীৰ কৰে।

উল্লেখ্য যে এইবেলি এই নাওখেল প্ৰতিযোগিতাৰ সােণালী জয়ন্ত বৰ্ষ দিনযােৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা পতাকা উত্তােলনেৰে সােণালী জয়ন্তী বৰ্ষণ কাৰ্যসূচী আৰম্ভ কৰে আদৰণি সমিতিৰ সভাপতি তথা অঞ্চলটােৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ ৰাভাই। স্মৃতি তৰ্পণ কৰে কুলশী ইউথ ক্লাৱৰ উপদেষ্টা বাদল ৰাভাই।

ইপিনে, বিয়লি ৩ বজাৰ পৰা কুলশী নৈতৰ পাৰত অনুষ্ঠিত নাওখেল প্রতিযোগিতা স্থলীত দর্শকক বিপুল জনসমাগম দেখি উৎসাহিত হৈ পৰিছে উদ্যোক্তাসকল। উল্লেখ্য যে প্ৰত্যেক বছৰে নাওখেল প্রতিযোগিতাত অংশগ্ৰহণ কৰা দলৰ সংখ্যা কমি আহিলেও ইয়াৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ আপ্রাণ চেষ্টা চলাইছে উদ্যোক্তাসকলে।

traditonal-boat-rece-at-kulsi
নাওখেল প্ৰতিযােগিতাৰ দৃশ্য

উদ্যােক্তাসকলে প্ৰকাশ কৰা অনুসৰি, এইবেলি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা ১০ টাকৈ দলে প্রতিযোগিতাত অংশগ্রহণ কৰে। সন্ধিয়া ঘোষিত ফলাফলত নাওখেলত জােনবাই নাও দলে প্ৰথম, জােনতৰা নাও দলে দ্বিতীয় আৰু জয়শ্ৰীৰাম নাও দলে তৃতীয় পুৰস্কাৰ লাভ কৰে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ট্ৰফীৰ উপৰি ক্ৰমে ২੦,੦੦১ , ১৫,੦੦১ আৰু ১੦,੦੦১ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰে উদ্যােক্তাসকলে।

Boat Race on Lakhi Puja at Kulsi 3
নাওখেল প্ৰতিযােগিতাত জনসমুদ্ৰ

কুলশী নাওখেল সােণালী জয়ন্তী বৰ্ষৰ মূল আদৰণি সমিতিৰ সভাপতি প্ৰদীপ ৰাভাই ৰাভাই কয় যে এনে পৰম্পৰাগত খেলৰ মাজেৰে জনজাতীয় অধ্যুষিত কুলশী অঞ্চলত বিভিন্ন জাতি- জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁ কয় যে ১৯৭৩ চনত প্ৰথমবাৰৰ বাবে কুলশী নৈত নাওখেল প্ৰতিযােগিতা অনুষ্ঠিত হৈছিল, অঞ্চলবাসী ৰাইজৰ সহায়-সহযােগিতাৰে কুলশী ইউথ ক্লাৱে এইবেলি এই পৰম্পৰা অক্ষুণ্ণ ৰাখি সােণালী জয়ন্ত উদযাপন কৰিবলৈ সক্ষম হৈছে।

Boat Race on Lakhi Puja at Kulsi 2
সােণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতিসহ অন্য বিষয়ববীয়াসকল

ইপিনে, সােণালী জয়ন্ত উপলক্ষে উদ্যােক্তাসকলে প্ৰকাশ কৰি উলিওৱা ’প্ৰৱাহিনী কুলশী’ (Prabahini Kulshi) শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মােচন কৰে লােক-সংস্কৃতিৰ সাধক ভুবিন চন্দ্ৰ ৰাভাই। সন্ধিয়া অনুষ্ঠিত হােৱা সাংস্কৃতিক অনুষ্ঠান উপলক্ষে সাংস্কৃতিক মঞ্চ উদ্বােধন কৰে অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই।

সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই, কাৰ্যবাহী সদস্য ক্ৰমে দিলীপ কুমাৰ ৰাভা, নৃপেন ৰাভা, ৰশ্মিবালা ৰাভাকে ধৰি বিভিন্ন ব্যক্তি।

Leave a Comment