ত্ৰিপুৰাঅসমীয়া

TMC নেত্ৰী চায়নী ঘোষক গ্ৰেপ্তাৰ ত্ৰিপুৰা আৰক্ষীৰ

তৃণমূল কংগ্ৰেছৰ ভাতৃ সংগঠন তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী চায়নী ঘোষক দেওবাৰে আবেলি ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

সামাজিক মাধ্যমত নেত্ৰীগৰাকীয়ে ‘খেলা হোবে’ শ্ল’গানৰ সৈতে এটা ভিডিঅ’ প’ষ্ট কৰাৰ পাছতে এই পদক্ষেপ লয় ৰাজ্যখনৰ আৰক্ষীয়ে।

FEtl-WBAVc-AQLQn-L

ত্ৰিপুৰা আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰিছে।

পশ্চিম আগৰতলা আৰক্ষী থানাৰ মহিলা আৰক্ষীয়ে চায়নী ঘােষক নিজৰ জিম্মাত লয়।

তৃণমূল নেত্ৰীগৰাকীৰ বিৰুদ্ধে পশ্চিম আগৰতলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

তেওঁক ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১৫৩এ, ৫০৬, ৩০৭ আৰু ১২০(বি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

ঘোষক সোমবাৰে ৰাতিপুৱা আদালতত হাজিৰ কৰোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *