নতুন দিল্লীঃ ৰেল যাত্ৰীৰ সুৰক্ষা বিঘ্নিত কৰা অসামাজিক শক্তিৰ বিৰুদ্ধে দেশজুৰি এক তীব্ৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় ৰেলৱে প্ৰশাসনে। যোৱা ২০২৫ চনৰ জুলাইৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৰেললৈ শিলগুটি নিক্ষেপ কৰা ১৬৯৮ টা ঘটনা পোহৰলৈ অহাৰ পাছতেই ৰেল সুৰক্ষা বাহিনীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি এতিয়ালৈকে ৬৬৫ গৰাকী সন্দেহযুক্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
ৰেল কৰ্তৃপক্ষৰ মতে, এই বিপজ্জনক প্ৰৱণতাই কেৱল চৰকাৰী সম্পত্তিৰে ক্ষতি কৰা নাই, বৰঞ্চ যাত্ৰীসকলৰ জীৱনৰ প্ৰতিও গভীৰ সংকট কঢ়িয়াই আনিছে। আৰ পি এফৰ তদন্তত পোহৰলৈ আহিছে যে দুষ্কৃতিকাৰীৰ লক্ষ্যত বিশেষকৈ বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰেলসমূহ আছে। এই অত্যাধুনিক ৰেলসমূহত শক্তিশালী কাঁচ ব্যৱহাৰ কৰা সত্ত্বেও ধাৰাবাহিক শিলগুটি নিক্ষেপৰ ফলত সেইবোৰ ক্ষতিগ্রস্ত হৈছে। আনহাতে, সাধাৰণ যাত্ৰীবাহী ৰেলৰ খিৰিকীৰ কাঁচ ভাঙি যাত্ৰী আহত হোৱাৰ খবৰো পোৱা গৈছে।
এনে ঘটনাৰ মোকাবিলা কৰিবলৈ ৰেলৱে প্ৰশাসনে এতিয়া জিৰ’ টলাৰেন্স নীতি গ্ৰহণ কৰিছে। ধৃত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ৰেলৱে আইনৰ ১৫০, ১৫২, ১৫৩ আৰু ১৫৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই আইন অনুসৰি অপৰাধৰ গুৰুত্ব চাই ১ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা আছে। ৰেলপথৰ কাষৰ সংবেদনশীল অঞ্চলসমূহ চিনাক্ত কৰি ইতিমধ্যে ড্ৰোণ আৰু চি চি টিভি কেমেৰাৰ জৰিয়তে নিৰীক্ষণ তীব্ৰতৰ কৰা হৈছে।
কেৱল আইনী ব্যৱস্থাই নহয়, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবেও ৰেলৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰেলপথৰ কাষত থকা বিদ্যালয় আৰু বস্তি এলেকাৰ লোকসকলক এনে কাৰ্যৰ ভয়াবহতা আৰু আইনী পৰিণতিৰ বিষয়ে অৱগত কৰিবলৈ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰেল বিষয়াসকলে ৰাইজক আহ্বান জনাইছে যে কোনো লোকে এনে সন্দেহজনক কাৰ্যত লিপ্ত হোৱা দেখিলে যেন লগে লগে ৰেলৱে হেল্পলাইন নম্বৰত খবৰ দিয়ে।









